বিশেষ বাৰ্তা, ২৪ আগষ্টঃ ‘ডাঙৰ মানুহৰ সাধু’ নামৰ ৰচনা পুথিখনৰ বাবে সাহিত্য অকাডেমী শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে জ্যেষ্ঠ সাংবাদিক, লেখক দিগন্ত ওজাই৷ বিশ্বনাথ চাৰিআলিত ১৯৭২ চনত জন্মগ্রহণ কৰা দিগন্ত ওজাৰ পিতৃৰ নাম ৰমেন ওজা আৰু মাতৃৰ নাম ৰেণু ওজা৷ ইতিমধ্যে কেইবাখনো উচ্চ প্রশংসিত প্রবন্ধ সংকলন উপন্যাস আৰু সম্পাদিত গ্রন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাললৈ প্রভুত অৰিহণা আগবঢ়োৱা ‘ডাঙৰ মানুহৰ সাধু’ তেওঁৰ একমাত্র শিশু সাহিত্য৷ ২০২০ চনত প্রকাশিত গ্রন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা লাভ কৰাৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়– খবৰটো লাভ কৰি ভাল লাগিছে৷ এইখন শিশুৰ বাবে লিখা মোৰ প্রথম কিতাপ৷ কিতাপখন প্রকাশৰ পিছত বহুকেইজন শিশু পঢ়ুৱৈয়ে প্রতিক্রিয়া প্রকাশ কৰিছিল৷ সকলোৱে ভাল পোৱা জনাইছিল৷ সেই কথাটো মোৰ কাৰণে ভাল লগা কথা৷ আচলতে মই শিশু সাহিত্য ৰচনা নকৰো৷ মোৰ ল’ৰাৰ বয়স এতিয়া ৯ বছৰ৷ কিন্তু যেতিয়া তেওঁৰ ৫–৬ বছৰ বয়স আছিল, তেতিয়া মোক নিৰন্তৰ কৈ আছিল– দেউতা, মোৰ কাৰণে কিতাপ এখন লিখা৷ একমাত্র মোৰ ল’ৰাৰ তাগিদাত এই কিতাপখন লিখিবলৈ লৈছিলো৷ সেই সময়ত শিশুৰ মানসিকতা, মোৰ ল’ৰাটোৰ মানসিকতাৰে শিশুৰ উপযোগীকৈ লিখাৰ চেষ্টা কৰিছিলো৷ এতিয়া ভৱিষ্যতেও মোক শিশু সাহিত্যৰ প্রতি আগ্রহী কৰিবলৈ অনুপ্রাণিত কৰিব৷ নতুন কোনো প্রকল্প হাতত লৈছে নেকি বুলি জানিব বিচৰাত তেওঁ কয় যে মোৰ সাংবাদিকতা আৰু সাহিত্য সমান্তৰালভাৱে চলি আছে৷ এতিয়াৰ নহয়, যোৱা ৩০ বছৰ ধৰি৷ প্রথমতে মই এজন সাহিত্য সমালোচক হিচাপে লেখা–মেলা কৰিছিলো আৰু যোৱা কিছু বছৰ মই অসমীয়া বিশেষকৈ সমাজ ইতিহাসক লৈ কিছু কাম কৰিছো৷ অসমৰ সাংবাদিকতাৰ জগতখনত এটা পৰিচিত নাম দিগন্ত ওজাৰ প্রকাশিত গ্রন্থসমূহৰ ভিতৰত প্রবন্ধ সংকলন অসমীয়া সমাজ জীৱনৰ বিৱর্তন (২০১১), প্রথম মহাসমৰ (২০১৪), সন্ধিক্ষণত মানুহ (২০০৬), জীৱনৰ গদ্য (২০০৭), সাঁচিপাতৰ পৰা লেপটপলৈ (২০১১), সাহিত্যৰ দৃষ্টি আৰু সৃষ্টি (২০১৪) উপন্যাস– জেহাদী (২০০১), সম্পাদিত গ্রন্থ অসমীয়া সাহিত্যৰ ই–সঁফুৰা প্রথম খণ্ড (২০১২), অসম আন্দোলনৰ তথ্যকোষ প্রথম খণ্ড–দ্বিতীয় খণ্ড–তৃতীয় খণ্ড (২০২০) আৰু অসম শিশু সাহিত্য কোষ (৪১টা খণ্ড)৷ ২০০৯ বর্ষত ‘সন্ধিক্ষণত মানুহ’ৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰা দিগন্ত ওজাই ২০২০ চনত অনন্ত ৰামদাস স্মৃতি বঁটাৰেও সন্মানিত হৈছিল৷