নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰলৈ বৃদ্ধি সাহিত্য সভাৰ বর্তমানৰ কার্যনির্বাহকৰ কার্যকাল

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ শতবর্ষ গৰকা জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অধিৱেশন ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰাত বর্তমানৰ কার্যনির্বাহক কমিটীৰ কার্যকাল এবছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ বুধবাৰে গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনত অনুষ্ঠিত প্রতিনিধি সভাত সর্বসন্মতিক্রমে গ্রহণ কৰা হৈছে এই সিদ্ধান্ত৷ প্রতিনিধি সভাৰ অন্তত এখন সংবাদ মেলত এই কথা সদৰী কৰিছে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই৷ এই প্রসংগত তেওঁ কয়– ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অধিৱেশন হ’ব লাগিছিল যদিও ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সেয়া সম্পন্ন কৰিব পৰা নগ’ল৷ সংবিধান অনুসৰি মূল অধিৱেশনৰ পাছতে নতুন কমিটীয়ে দায়িত্বভাৰ গ্রহণ কৰে৷ কিন্তু এইবাৰ যিহেতু নির্ধাৰিত সময়ত এই অধিৱেশন অনুষ্ঠিত নহ’ল, সেয়েহে প্রতিনিধি সভাই বর্তমানৰ কার্যনির্বাহক কমিটীৰ ওপৰত আস্থা প্রকাশ কৰিছে আৰু পৰৱর্তী অধিৱেশনলৈ বর্তমানৰ কার্যনির্বাহক কমিটী বাহাল থাকিব৷

ইপিনে ২০২৩ চনৰ ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত সভাৰ অধিৱেশন অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে অহা বর্ষৰ চাৰি ফেব্রুৱাৰীৰ পাছত কোনো কাৰণতে বর্তমানৰ কার্যনির্বাহক বাহাল নাথাকিব৷ যদি চাৰি ফেব্রুৱাৰীৰ ভিতৰত নাৰায়ণপুৰত পুনৰ অধিৱেশন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ সৃষ্টিও নহয়, তেতিয়াও প্রতিনিধি সভা অনুষ্ঠিত কৰি হ’লেও নতুন কমিটীক দায়িত্বভাৰ অর্পণ কৰা হ’ব৷ সংবিধানৰ নিয়ম অনুসৰিয়েই পুনৰ অসম সাহিত্য সভাৰ নির্বাচনী প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি শইকীয়াই কয়– ‘সাহিত্য সভাৰ বকলীয়া আৰু দুলীয়াজানত অনুষ্ঠিত কার্যনির্বাহকত নাৰায়ণপুৰৰ আদৰণী সমিতিয়ে অধিৱেশন পিছুৱাবলৈ মতামত দিছিল৷ কিন্তু আমি সেই সময়ত মানি লোৱা নাছিলোঁ৷ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত সৰুকৈ এই অধিৱেশন তেওঁলোকে অনুষ্ঠিত কৰিব বিচৰা নাছিল৷ পূর্বৰ অধিৱেশনবোৰৰ দৰেই আড়ম্বৰপূর্ণভাৱেই নাৰায়ণপুৰত অধিৱেশন হোৱাটো বিচাৰিছিল৷ সেয়েহে শেহতীয়া কার্যনির্বাহকত এটা সঁজাতী দলক নাৰায়ণপুৰৰ ৰাইজৰ সৈতে কথা পাতিবলৈ প্রেৰণ কৰা হৈছিল৷ তিনিজনীয়া এই সঁজাতী দলে নাৰায়ণপুৰৰ আদৰণী সমিতি, দল–সংগঠন, স্থানীয় ৰাইজ, বুদ্ধিজীৱী আদিৰ সৈতে আলোচনা কৰি আমাক এখন প্রতিবেদন দাখিল কৰে৷ আজিৰ প্রতিনিধি সভাত তেওঁলোকৰ এই প্রতিবেদন গ্রহণ কৰা হৈছে৷ আমি নাৰায়ণপুৰত ৩১ জানুৱাৰীৰ পূর্বেই অধিৱেশন অনুষ্ঠিত কৰিব পৰা যায় নেকি, তাক লৈও চিন্তাচর্চা কৰিছিলোঁ৷ বিশেষকৈ নৱেম্বৰ–ডিচেম্বৰত্ অধিৱেশন অনুষ্ঠিত কৰাৰ বিষয়ে চিন্তাচর্চা কৰা হৈছিল৷ ইয়াৰ বিপৰীতে এইক্ষেত্রত আদৰণী সমিতিয়ে কিছু আপত্তি প্রদর্শন কৰিছে৷ নৱেম্বৰ–ডিচেম্বৰ মাহত অধিৱেশন অনুষ্ঠিত কৰিব লগা খেতিপথাৰ সম্পূর্ণৰূপে মুকলি নোহোৱা বাবে এয়া সম্ভৱ নহয় বুলি তেওঁলোকে কৈছে৷ সেয়েহে ২০২৩ চনৰ ৩১ জানুৱাৰীৰ পৰাই এই অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ বর্তমানৰ কার্যনির্বাহকৰ সংবিধানপ্রদত্ত সকলো বিধান, ক্ষমতা আৰু দায়িত্ব বাহাল থাকিব৷’

ইপিনে কেৱল কেন্দ্রীয় কার্যনির্বাহক কমিটীয়েই নহয়, ৰাজ্যৰ জিলা আৰু শাখা কমিটীসমূহো পৰৱর্তী অধিৱেশনলৈ বাহাল থাকিব বুলি সভাপতিগৰাকীয়ে সংবাদ মেলত প্রকাশ কৰে৷ এনেদৰে কার্যনির্বাহক কমিটীৰ কার্যকাল বৃদ্ধি কৰাৰ ফলত বিত্তীয় লেনদেনৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হ’ব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত সভাপতি শইকীয়াই কয় যে যিহেতু সংবিধানপ্রদত্ত সকলো বিধান ক্ষমতাৰ দায়িত্ব বাহাল থাকিব, গতিকে বিত্তীয় লেনদেনৰ ক্ষেত্রত কোনো সমস্যা সৃষ্টি নহয়৷ আগন্তুক সময়ত সভাৰ আর্থিক দিশ টনকিয়াল কৰাৰ বাবেও আজিৰ সভাত আলোচনা কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয়– চৰকাৰৰ ফালৰ পৰা জানুৱাৰীৰ শেষভাগত অথবা ফেব্রুৱাৰীৰ প্রথমতে আর্থিক সাহায্য সভাক আগবঢ়াই আহিছে৷ চৰকাৰৰ বিধি–নির্দেশনা মতে এই ধন সভাই লাভ কৰে৷ ইতিমধ্যে প্রয়োজনীয় নথিপত্র সভাৰ ফালৰ পৰা দাখিল কৰা হৈছে৷ উল্লেখ্য যে আজিৰ সভাত লোৱা সিদ্ধান্তৰ লগে লগে সভাপতি কুলধৰ শইকীয়া আৰু উপ–সভাপতি মৃণালিনী দেৱী নেতৃত্বাধীন কমিটীখন এবছৰলৈ বাহাল থাকিব৷

You might also like