নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ অসুস্থতাৰ খবৰ ল’লে সাহিত্য সভাৰ প্ৰতিনিধি দলে

নিয়মীয়া বাৰ্তা, ১১ মে’ : নলবাৰীৰ বিশিষ্ট কথাশিল্পী, সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ অসুস্থতাৰ খবৰ ল’লে অসম সাহিত্য সভাৰ এটি উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে৷ কালি অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাৰ নেতৃত্বত অসম সাহিত্য সভা সংবাদ পত্ৰৰ মুখ্য সম্পাদক সদানন্দ গগৈ, সম্পাদক গৌতম গগৈয়ে নলবাৰী বিদ্যাপুৰস্থিত বাসভৱনলৈ গৈ প্ৰথিতযশা সাহিত্যিক ড° ভট্টাচাৰ্যৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ কামনা কৰি আশীষ লয় ৷ শব্দৰ মালা গুঠি শত সহস্ৰজনক নিজৰ বক্তৃতা আৰু ৰচনাশৈলীৰে মন্ত্ৰমুগ্ধ কৰি এতিয়া একপ্ৰকাৰ অথৰ্ব হৈ পৰা বিশিষ্ট লেখক, সাহিত্যিক তথা কথাশিল্পীগৰাকী বিগত কেইবামাহ ধৰি অসুস্থতাৰ বাবে শয্যাগত হৈ আছে৷ প্ৰতিনিধি দলটো নলবাৰী চহৰৰ বিদ্যাপুৰৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে ড° ভট্টাচাৰ্যই পৰিয়ালসহিতে সাহিত্য সভাৰ কৰ্মকৰ্তাকেইজনক আথেবেথে আদৰণি জনায়৷ সাহিত্যকৰ্মীকেইজনেও ড°  ভট্টাচাৰ্যক হতাশ নহৈ সুখ আৰু আনন্দৰে পৰিয়ালৰ লগত সময় পাৰ কৰিবলৈ আহ্বান জনায়। স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত ড° ভট্টাচাৰ্যৰ পত্নী ভৱানী ভট্টাচাৰ্য, অধ্যাপিকা জীয়ৰী ড০ ৰঞ্জনা ভট্টাচার্য, অধ্যাপক পুত্ৰ ড° সুশান্ত ভট্টাচাৰ্য, শিক্ষয়িত্ৰী বোৱাৰী সম্বিতা শৰ্মা, নাতিনী স্বত্বিকা ভট্টাচার্য, আৰু অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডা: বিপিন চন্দ্ৰ কলিতা, লোক পৰিবেশ্য কলা সম্বৰ্দ্ধন আৰু সংৰক্ষণ উপ সমিতিৰ আহ্বায়ক ডা° সমৰ তালুকদাৰ, শৰৎ চন্দ্ৰ গোস্বামী ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাও উপস্থিত আছিল। উল্লেখ্য যে বিশিষ্ট কথাশিল্পী ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ সাহিত্যৰাজি অসমীয়া সমাজ জীৱনৰ বাবে অমূল্য সম্পদ আৰু অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ তেওঁ‌ৰ অৱদান অতুলনীয়।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like