নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনলৈ ‘প্ৰজ্ঞাৰ সাধক’ সন্মান

🔹 শিৱসাগৰৰ গ্ৰন্থ উৎসৱত জোনাকী সমাজৰ বাৰেৰহণীয়া অনুষ্ঠান

🔹 দেৱযানী শইকীয়া গগৈৰ কাব্যগ্ৰন্থ “চৰাইটো মোৰ নাছিল” উন্মোচন

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান, আৰ্থ-সামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক বিকাশ মঞ্চ ‘জোনাকী সমাজ’। এই জোনাকী সমাজে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত “খোজ”ৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাকৰিত এক বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে । সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই ভাষাতত্ত্ববিদ, সু-কবি, লোক-সংস্কৃতিৰ সাধক, শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনক এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত জোনাকী সমাজৰ “প্ৰজ্ঞাৰ সাধক-২০২৪ সন্মান” প্ৰদান কৰা হয় । উল্লেখযোগ্য যে স্বেচ্ছাসেৱী অনুষ্ঠান জোনাকী সমাজে সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ কল্যাণ সাধন হোৱাকৈ বিভিন্ন ধৰণৰ কৰ্ম আঁচনি ৰূপায়ণ কৰি আহিছে । তদুপৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰতিবছৰে বঁটা, সন্মান প্ৰদান কৰি শ্ৰদ্ধা, সন্মান, মৰম-আদৰ যাচি আহিছে । সমান্তৰালভাৱে উক্ত অনুষ্ঠানতে দেৱযানী শইকীয়া গগৈৰ দ্বিতীয়খন কাব্যগ্ৰন্থ “চৰাইটো মোৰ নাছিল” উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে ।

প্ৰেৰক ৰাতুল শৰ্মা

You might also like