নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ সৰুমটৰীয়াত সাই ট্রেভেলছৰ শুভ উদ্বোধন

🔹 দেশ–বিদেশ ভ্রমণকাৰীৰ বাবে বিশেষ পেকেজ

🔹 উপলব্ধ হ’ব বিমানৰ টিকট–ভিছা প্রাপ্তিৰ সেৱা

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ অক্টোবৰ : গুৱাহাটীৰ ভ্রমণবিলাসী লোকসকলৰ বাবে শুভবার্তা কঢ়িয়াই আনিছে সাই ট্রেভেলছ নামৰ এটি প্রতিষ্ঠানে ৷ গুৱাহাটীৰ সৰুমটৰীয়াৰ বাঘেশ্বৰী মন্দিৰৰ কাষত কালি মুকলি হোৱা সাই ট্রেভেলছ নামৰ প্রতিষ্ঠানটোত মহানগৰীকে ধৰি ৰাজ্যখনৰ ভ্রমণবিলাসী লোকসকলে দেশ–বিদেশৰ ভ্রমণৰ বিভিন্ন পেকেজ লাভ কৰিব৷ ভ্রমণবিলাসী এটা পৰিয়ালে সহজতে যাতে দেশ–বিদেশ ভ্রমণ কৰি পর্যটনৰ আনন্দ উপভোগ কৰিব পাৰে, তাৰ বাবে সকলো ধৰণৰ সুবিধা প্রদান কৰিব প্রতিষ্ঠানটোৱে৷

বিদেশ ভ্রমণৰ বাবে প্রয়োজনীয় ভিছা সম্পর্কীয় নথি–পত্র সংগ্রহৰ ক্ষেত্রতো প্রতিষ্ঠানটোৱে সেৱা আগবঢ়াব৷ প্রতিষ্ঠানটোত দেশ–বিদেশলৈ অহা–যোৱা কৰাসকলে বিমানৰ টিকট ক্রয়ৰ সুবিধাও লাভ কৰিব৷ কালি সন্ধিয়া সাই ট্রেভেলছৰ শুভাৰম্ভ কৰে ৰাজতিলক থিয়েটাৰৰ প্রযোজক মধুমিতা শর্মাই৷

You might also like