নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃণালিনী দেৱীক ‘সমাজ বৈভৱ বঁটা’ প্ৰদান জলজলী শাখা সাহিত্য সভাৰ

জলজলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সপ্তম বাৰ্ষিক অধিৱেশন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ অন্তৰ্গত জলজলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সপ্তম বাৰ্ষিক অধিবেশনৰ মুকলি সভাত আজি মুখ্য অতিথি হিচাপে তথা মুখপাত্ৰ “জলজলী” উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে। উন্মোচনী ভাষণত তেওঁ কয়, প্ৰেম ভালপোৱা হৃদয়ৰ আৱেগ অনুভুতি তথা আন্তৰিকতা অবিহনে আমাৰ জাতীয় জীৱন সুন্দৰ কৰি তুলিব নোৱাৰি। মানৱ প্ৰেম তথা দেশক ভালপোৱা সকলোখিনি গুণ আমি আহৰণ কৰিব পাৰিলেহে আমি এটি ভাষা অথবা জাতিৰ জাতীয়তা ৰক্ষা কৰিব পাৰিম। প্ৰেম ভালপোৱা অথবা আন্তৰিকতা আদি মানৱীয় গুণসমূহ আমাৰ জাতীয় অহংকাৰ। এই গুণসমূহ আমি যদি জন্মলগ্নৰে পৰা আহৰণ কৰি ল’ব নোৱাৰোঁ তেতিয়াহলে আমি জাতিৰ জাতীয় অস্তিত্ব-ভাষা-সাহিত্য তথা আমাৰ প্ৰাচীন ঐতিহ্য-সংস্কৃতিৰ উন্নতি সাধন কৰিব নোৱাৰো। জলজলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি কুতুবউদ্দিন আহমেদৰ সভাপতিত্বত কামৰূপ জিলাৰ মালিবাৰী পথাৰ বজাতত অনুষ্ঠিত মুকলি সভাত আদৰ্শ মাতৃ, মহীয়সী নাৰী মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত আৰু কয় যে আমাৰ অসমখন অসংখ্য জাতি জনজাতি বা জনগোষ্ঠীৰে ভৰপূৰ। আদিম কালৰে পৰা তেওঁলোকে নিজৰ নিজৰ থলুৱা ভাষা লোকাচাৰ পৰম্পৰাৰ লগতে নিজৰ নিজৰ লোক সংস্কৃতিৰ লগতে ওতঃপ্ৰোতভাৱে লাগি আছে। তেওঁলোকৰ মাতৃভাষাক কোনোৱে কাঢ়ি নিবৰ বাবে আগবাঢ়ি অহা নাই। কাৰণ তেওঁলোকে ভাষাটোৰ লগতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজৰ নিজৰ থলুৱা সংস্কৃতিবোৰ আজিও জীয়াই ৰাখিছে আৰু লগতে ভাষাটোৰো স্থায়িত্ব ৰক্ষা কৰি আছে। গতিকে আমিও আমাৰ ভাষাটোক যুগমীয়া বা সৌন্দৰ্যশালী হিচাবে ৰাখিব খুজিলে নিজৰ সাহিত্য-সংস্কৃতি, লোকাচাৰ, জাতীয় ঐতিহ্যসমুহ ৰক্ষণশীলভাৱে বৰ্তাই ৰাখিব লাগিব। অকল ভাষা ভাষা কৈ চিঞৰি থাকিলে আমাৰ মাতৃভাষাৰ উন্নতি হ’ব নোৱাৰে। কাৰণ প্ৰাচীন সভ্যতা সংস্কৃতি জীয়াই ৰাখিলেহে ভাষাও জীয়াই থাকিব। যেনেকৈ মানুহে সাজ সজ্জা, প্ৰসাধন সামগ্ৰীৰ দ্বাৰা নিজৰ সৌন্দৰ্যক এখোপ আগবঢ়াই দেখাত ধুনীয়া বা স্মাৰ্ট কৰি তুলিব খোজে, ঠিক তেনেদৰে ভাষাটোৰ উন্নতি অথবা সেউজ তথা জাকত জিলিকা কৰি ৰাখিব খুজিলে তাৰ আনুসংগিক সাহিত্য সংস্কৃতি ঐতিহ্যসমুহো আমি জীয়াই ৰাখিব লাগিব। তেতিয়াহে আমাৰ মাতৃভাষাৰ স্থায়িত্ব সুদৃঢ়ভাৱে গঢ়ি তুলিবলৈ সমৰ্থ হ’ম বুলি কয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালীয়েও ভাষণ প্ৰসংগত ভাষা সাহিত্য সংস্কৃতি অবিহনে এটা জাতিৰ স্বকীয় পৰিচয় নাথাকে বুলি কৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উন্নতিৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ কয়। সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজেন মহন্ত, বিশিষ্ট কবি মিৰ্জা হুমায়ুন, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডা: জয় বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক দোষ্ট হবিবুৰ ৰহমান আদি উপস্থিত আছিল। উক্ত সভাত অসম সাহিত্য সভাৰ শাখা জলজলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাই জীৱনজোৰা সাধনাৰে সাহিত্য, সংস্কৃতিৰ অবিৰত আদৰ্শৰ চেতনাৰে অসমৰ পুণ্যভূমিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীক “সমাজ বৈভৱ বঁটা-২০২৩” প্ৰদান কৰে। সভাৰ আঁত ধৰে জলজলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক নেকিবুজ জামানে।

You might also like