নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰা দুৰ্বৃত্তক বিচাৰি আৰক্ষীৰ অভিযান

 অপৰাধীক আটক কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী বন বিভাগৰ

নিয়মীয়া বাৰ্ত ৪  জুনঃ ৰাজ্যখনত মহামাৰী ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰন কৰা সময়তে একাংশ বন বিভাগৰ লোকে নিজৰ জীৱন বিপন্ন কৰি বনজ সম্পদ ৰক্ষা আৰু বন্য হস্তীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে যোৱা ৩১ মে তাৰিখে নিশা এটা দুৰ্বৃত্তৰ দলে উদমাৰী উপ খণ্ড বন কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰি লুটপাত কৰা ঘটনাৰ ন ন তথ্য পোহৰলৈ অহাত অঞ্চলটোৰ স্থানীয় সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ননৈ চাহবাগিছাৰ নতুন লাইনৰ নিবাসী মৃত ধনীৰাম কৰ্মকাৰৰ পুত্ৰ ৰতন কৰ্মকাৰ (৩৫) নামৰ লোক জনক যোৱা ৩১ মে তাৰিখে নিশা ৰঙামাটি অঞ্চলৰ পৰা চাইকেলেৰে নিজ গৃহলৈ বুলি গৈ থকাৰ অৱস্থাত ননৈ চাহবাগিচাৰ হস্তী দণ্ডী বুলি খ্যাত গুহা শিৱ মন্দিৰৰ সমীপত এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰি থিতাতে নিহত কৰিছিল ৷পৰৱৰ্তী সময়ত শালনা বনাঞ্চলিক কাৰ্যালয় আৰু উদমাৰী উপ খণ্ড বন বিভাগৰ লোকে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ উক্ত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰিছিল ৷আনহাতে বনৰীয়া হাতীৰ আক্ৰমণ থিতাতে নিহত হোৱা লোকজনৰ মৃতদেহটো বন বিভাগে উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে উক্ত লোক জনৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি একাংশ বন ধ্বংসকাৰী লোকৰ উচতনিত প্ৰায় ৩০-৪০ জনিয়াএটা দুৰ্বৃত্ত দলে সান্ধ্যা আইন অমান্য কৰি হাতত দা-লাঠি লৈ উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়টো লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰি লুটপাত কৰিছিল বুলি অভিযোগ উঠিছে ৷বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়া মতে উক্ত দুৰ্বৃত্তৰ দলটোৱে কাৰ্যালয়টো লণ্ডভণ্ড কৰি থকাৰ সময়ত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল ৷ উল্লেখ্য যে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়টোত বিগত দিনত বহুবাৰ দুৰ্বৃত্তৰ দলে ভাঙি লণ্ডভণ্ড কৰিছিল যদিও আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবেই পুনৰ কাৰ্যালয়টোত উক্ত কাণ্ড সংঘটিত হ’বলৈ পালে বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে ৷
আনহাতে যোৱা কালি উত্তৰ অসম চক্ৰৰ বন সংৰক্ষক যতীন শৰ্মা আৰু নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰাজেন চৌধুৰী উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়ত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে উক্ত বিষয়টোৰ সন্দৰ্ভত উচ্চপদস্থ বন বিষয়াৰ লগতে বন মন্ত্ৰী গৰাকীক অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে আৰক্ষীয়ে উক্ত দুৰ্বৃত্তৰ দলটোক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷আনহাত চামগুৰি আৰক্ষী থানাত বন বিভাগৰ লোকে দাখিল কৰা এজাহাৰৰ ভিৰ্ত্তিত চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰাজেন চৌধুৰী আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া নেপাল মণ্ডলৰ তৎপৰতাত ৰাজ্য চৰকাৰৰ বন বিভাগে বনৰীয়া হাতীয়ে ক্ষতিগ্ৰস্ত কৰা ৪০০ লোকক আৰ্থিক সাহায্য আৰু বন্যহস্তিৰ আক্ৰমণত নিহত হোৱা ক্ৰমে ৰতন কৰ্মকাৰ যোৱা ৭ মে তাৰিখে শালনাৰ বনৰক্ষী লাৰুধন বৰদলৈ আৰু ২৩ এপ্ৰিলত তাৰিখে নিহত হোৱা কিশোৰ তাঁতীৰ সহ ৯ জন লোকৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷আনহাতে বন বিভাগে ৰাজহুৱা সম্পত্তি নষ্ট কৰা ঘটনাৰ লগত জড়িত তিনিজন অপৰাধীক চিনাক্ত কৰি আৰক্ষীক অৱগত কৰিছে যদিও উক্ত অপৰাধী কেইজন বৰ্তমানো মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে বুলি অভিযোগ উঠিছে ৷

You might also like