নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত ৰাহুলৰ ন্যায় যাত্ৰাক সমষ্টিবাসীয়ে আখ্যা দিলে অন্যায় যাত্ৰা : জিতু গোস্বামী

ভেলেউগুৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী : দেশৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ ভেলেউগুৰি নাট্য চ’ৰাত আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ৷ ভাৰতীয় জনতা যুৱ মৰ্চা কলিয়াবৰ জিলাৰ সভাপতি লক্ষীৰঞ্জন কাকতি উপস্থিত থকা অনুষ্ঠানটোত নৱগঠিত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম মণ্ডলৰ নৱ ভোট দাতা তথা নৱ প্ৰজন্মসকল উপস্থিত থাক৷ উক্ত নৱ ভোটদাতা সন্মিলনখনত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী উপস্থিত থাকি ভোটদান গণতন্ত্ৰৰ বাবে কিমান প্ৰয়োজনীয় তাৰ বিস্তাৰিতভাবে নৱ ভোটদাতাসকলৰ আগত ভাষন প্ৰদান কৰাৰ লগতে সুস্থ আৰু সৱল গণতন্ত্ৰৰ জৰিয়তে এখন গুণসম্পন্ন চৰকাৰ গঠনত ভোটাৰ সকলৰ অপৰিসীম ভুমিকা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখন আগুৱাই নিবলৈ কৰি অহা চেষ্টাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত কৰা উন্নয়নৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে নৱ ভোটাৰসকলৰ আগত কিছু আভাস উল্লেখ কৰি ভোটদানৰ জৰিয়তে দেশৰ সামগ্ৰীক উন্নয়নৰ গতিধাৰা নিৰ্দ্ধাৰণ কৰি এজন সুনাগৰিকৰ কৰ্তব্য পালন কৰিবলৈ আজি উপস্থিত থকা নৱ ভোটাৰসকলক আহ্বান জনায়৷ পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিন্টু শৰ্মা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ কলিয়াবৰ জিলাৰ প্ৰভাৰী বেদান্ত গায়ন উপস্থিত থকা নৱ ভোটদাতা সন্মিলনখনত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিতেই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক সমষ্টিবাসীয়ে অন্যায়যাত্ৰা বুলি আখ্যা দিলে৷ যানযঁট সৃষ্টি কৰি ৰাইজৰ অসুবিধা কৰি ন্যয় নিবিচাৰে৷ তাৰ বিপৰীতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীত থাকিয়েই নৱপ্ৰজন্মক দেশৰ উন্নয়ন যাত্ৰাত সহযোগ কৰিবলৈ আহ্বান জনাইছে বুলি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে উল্লেখ কৰাৰ লগতে নাৰীক উচ্চবাচ্য কৰা বদৰুদ্দিন আজমল সামাজিক ব্যক্তি নহয় বুলি সংবাদ মাধ্যমৰ সন্মুখত সমালোচনা কৰে৷ কলিয়াবৰ জিলা যুৱ মৰ্চাৰ কোষাধ্যক্ষ লক্ষ্যজিৎ চমুৱাই আঁত ধৰা অনুষ্ঠিটোত নৱ ভোট দাতা তথা নৱপ্ৰজন্মক উদেশ্য কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষন ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰে৷ উক্ত সন্মিলন খনত নৱ প্ৰজন্মৰ কেইবাশ যুৱক যুৱতী উপস্থিত থাকে।

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like