🔹 উপ–নির্বাচনৰ প্রচাৰতে বঢ়মপুৰৰ বিধায়কক হত্যাৰ চেষ্টা কংগ্রেছী গুণ্ডাৰ
🔹 বাহনলৈ লক্ষ্য কৰি তিনিজাঁই গুলী–প্রচণ্ড শিলাবর্ষণ
বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : হত্যা–হিংসাৰে নির্বাচনী প্রচাৰ উত্তেজনাপূর্ণ হৈ পৰা চামগুৰিত এক ভয়ানক কাণ্ড সংঘটিত হয়৷ সমষ্টিটোত নির্বাচনৰ প্রচাৰ চলি থকাৰ মাজতে যোৱা নিশা বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীক দুর্বৃত্তই গুলীয়াই হত্যাৰ চেষ্টা চলায়৷ অৱশ্যে সৌভাগ্যক্রমে বিধায়ক গোস্বামীৰ প্রাণৰক্ষা পৰে৷ বিজেপিয়ে এই আক্রমণৰ ঘটনাত কংগ্রেছী গুণ্ডা জড়িত থকাৰ অভিযোগ কৰিছে৷ উল্লেখ্য যে চামগুৰিত বিজেপিৰ হৈ নির্বাচনী প্রচাৰ চলাই থকা বিধায়ক গোস্বামীয়ে যোৱা নিশা ভাটিয়াখালী পঞ্চায়তৰ মৰিপুঠিখাইতীত নির্বাচনী প্রচাৰ চলাবলৈ আহি আছিল৷ নিজৰ মহিন্দ্রা স্কৰপিঅ’ এন বাহনেৰে বিজেপি নেতা সুৰেশ বড়া আৰু মজিবুৰ ৰহমানৰে প্রচাৰ চলাবলৈ আহি থকা অৱস্থাতে মৰিপুঠিখাইতীত ইছমাইল হুছেইন নামৰ লোকজনৰ ঘৰ পোৱাৰ সময়তে একাংশ দুর্বৃত্তই ঘৰটোৰ পৰা প্রথমতে শিল, ইটাৰে আক্রমণ আৰম্ভ কৰে৷ তাৰ পাছতে বিধায়ক গোস্বামীৰ বাহনলৈ লক্ষ্য কৰি তিনিজাঁই গুলীবর্ষণ কৰে৷ দুর্বৃত্তই চলোৱা শিল আৰু ইটাৰ আক্রমণত অজয় সিং নামৰ এজন বিজেপি কর্মীয়ে মূৰত আঘাত পোৱাৰ লগতে বিধায়ক গোস্বামীৰ এজন পিএছঅ’ আঘাতপ্রাপ্ত হয়৷ গুৰুতৰভাৱে আহত অজয় সিঙক ইতিমধ্যে নগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ স্বাভাৱিকতে নির্বাচনী প্রচাৰৰ মাজতে বিজেপি বিধায়ক গোস্বামীক হত্যাৰ চেষ্টাৰে কংগ্রেছী গুণ্ডাই গুলীচালনা কৰা ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ পিছত বিধায়ক গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত ঘটনাৰ বর্ণনা দি কয় যে তেওঁলোক মাগুৰমাৰীৰ পৰা ভাটিয়াখালি পঞ্চায়তৰ মৰিপুঠিখাইতীত উপস্থিত হোৱাৰ সময়তে ইছমাইল হুছেইন নামৰ লোকজনৰ ঘৰৰ সন্মুখতে আক্রমণৰ ঘটনা সংঘটিত হয়৷ যোৱা কিছুদিনৰ পৰা ইছমাইল হুছেইনৰ ঘৰত একাংশ লোকে বাহৰ পাতি আছে৷ ইছমাইল হুছেইনৰ ঘৰৰ পৰাই শিল, ইটাৰে আক্রমণ চলোৱাৰ লগতে তেওঁৰ গাড়ীতো গুলীবর্ষণ কৰা হয়৷ ঘটনাৰ পাছতে অঞ্চলটোত তীব্র হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষককে ধৰি শীর্ষ আৰক্ষী বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ বিধায়ক গোস্বামীয়ে ইতিমধ্যে আৰক্ষী অধীক্ষকক ইছমাইল হুছেইনৰ ঘৰত তালাচী চলাই সন্ত্রাসবাদীসকলক গ্রেপ্তাৰ কৰাৰ দাবী জনাইছে৷ চাৰি দিন পূর্বে অগপৰ নেতা এজনকো ইছমাইল হুছেইনৰ ঘৰৰ সন্মুখতে আক্রমণ কৰা হৈছিল৷ ঘটনাক কেন্দ্র কৰি অঞ্চলটোত ইতিমধ্যে তীব্র উত্তেজনা বিৰাজ কৰিছে৷ মন কৰিবলগীয়া এয়ে যে চামগুৰিত নির্বাচনী প্রচাৰৰ নামত চলা হত্যা–হিংসাৰ বাবেই কেইদিনমান পূর্বে এজন বিজেপি কার্যকর্তাই কংগ্রেছী গুণ্ডাৰ আক্রমণত প্রাণপর্যন্ত হেৰুৱাবলগীয়া হৈছিল৷ ইপিনে, এই ঘটনা সন্দর্ভত ৰাজ্যিক বিজেপিয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে চামগুৰিত বিধায়ক জিতু গোস্বামীৰ ওপৰত চলোৱা গুলীচালনাৰ ঘটনা অতিশয় নিন্দনীয় আৰু এয়া অসমৰ ৰাজনৈতিক ক্ষেত্রৰ বাবে অতি অশুভ লক্ষণ৷ ৰকিবুল হুছেইনে ইতিমধ্যে নিজৰ পুত্রৰ পৰাজয় স্বীকাৰ কৰিছে৷ কিন্তু তেওঁৰ ভেৰোণীয়া গুণ্ডাৰ এই কার্য অতি অক্ষমণীয়৷ আমি দেশৰ আইন ব্যৱস্থাৰ ওপৰত সম্পূর্ণ আশা ৰাখিছোঁ আৰু এই অপৰাধীসকলে উচিত শাস্তি লাভ কৰিব বুলি আশাবাদী৷