নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীত মহলবিহীন গাভৰু নৈত বালি খনন

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা মহল বিহীন গাভৰু নদীৰ পৰা জেচিবিৰে অবৈধ ভাৱে বালি খনন কাৰ্য চলি থকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ ঠিকাদাৰ ৰূপী একাংশ লোকে জেচিবিৰে নদীৰ পৰা বালি খান্দি ডাম্পাৰ, ট্ৰেক্টৰ আদিত ভৰ্ত্তি কৰি বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা বুলি জানিবলৈ দিছে৷ চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ আহি মিছামাৰী অঞ্চলৰ মাজেৰে গতি কৰি মহাবাহু ব্ৰহ্মপুত্ৰত মিলিত হোৱা গাভৰু নদীৰ কলাকুছি দলঙৰ সমীপত উক্ত বালি খনন কাৰ্য মাজেসময়ে চলি আহিছে আৰু যোৱা প্ৰায় এসপ্তাহ ধৰি ব্যাপক হাৰত নদীৰ বালি খন্দা পৰ্ব চলা বুলি জানিবলৈ দিছে৷ মহল বিহীন নদী খনৰ পৰা অবৈধভাৱে জেচিবিৰে বালি খান্দি ডাম্পাৰ, ট্ৰেক্টৰ আদিত ভৰ্ত্তি কৰি বিভিন্ন ঠাইলৈ কঢ়িয়াই থকাৰ খবৰ স্থানীয় লোক আৰু সচেতন মহলে স্থানীয় গাভৰু খণ্ড বন কাৰ্যালয়ৰ বিষয়া মৃদুল ৰহমানক খবৰ দিয়াৰ পাছত বিষয়াগৰাকী বিষয়টো কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি তেওঁলোকে লগতে জনাইছে৷ অভিযোগকাৰী সকলৰ সন্দেহ স্থানীয় বন বিষয়া মৃদুল ৰহমানৰ ছত্ৰছায়াতে উক্ত বালি খনন কাৰ্য চলি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ যি সময়ত চৰকাৰে লুণ্ঠন, ভ্ৰষ্টাচাৰ, দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে তেনে সময়ত মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰী আৰু সুৰক্ষা বাহিনীৰ লোকে মহল বিহীন গাভৰু নদীৰ পৰা জেচিপিৰে বালি খান্দি ডাম্পাৰ, ট্ৰেক্টৰেৰে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা অসাধু লোক সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিপৰীতে হাত সাবটি বহি থকাটো দুৰ্ভাগ্যজনক৷ উল্লেখ্য যে গাভৰু খণ্ড বন কাৰ্যালয়ত বৰ্তমানৰ বিষয়া মৃদুল ৰহমানৰ পূৰ্বৰ বিষয়া গোপাল ডেকা বৃহত্তৰ অঞ্চলটোৰ মাজেৰে শিলবালি কঢ়িওৱা ডাম্পাৰ, ট্ৰেক্টৰ আদি বাহনৰ চালকৰ পৰা ধন দাবী কৰাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাৰ হাতত যোৱা জুন মাহত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল৷ ইয়াৰ পাছতে গাভৰু খণ্ড বন কাৰ্যালয়ত খালী হোৱা বিষয়াৰ ঠাইত মৃদুল ৰহমানক স্থলাভিষিক কৰে৷ পৰিতাপৰ বিষয় মৃদুল ৰহমান নামৰ বিষয়া গৰাকী কাৰ্যালয়টোত যোগদান কৰাৰ পাছত পূৰ্বৰ বিষয়া গৰাকীৰ দৰে পন্থা লোৱা বুলি অভিযোগ পোৱা গৈছে৷ প্ৰাপ্ত অভিযোগ মতে বিষয়া গৰাকী অঞ্চলটোৰ বেলশিৰি মহলৰ পৰা শিলবালি কঢ়িওৱা প্ৰতিখন ট্ৰেক্টৰ, ডাম্পাৰ আদি বাহনৰ পৰা মাহেকত হাজাৰ হাজাৰ কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বেলশিৰি মহলৰ পৰা শিলবালি কঢ়িওৱা বাহনৰ পৰাই কেৱল ধন সংগ্ৰহ নহয়, অঞ্চলটোৰ মহল বিহীন গাভৰু নদীৰ বালি আৰু মাটি অবৈধভাৱে সৰবৰাহ কৰা বাহনৰ পৰাও বন কাৰ্যালয়টোৰ বিষয়া, কৰ্মচাৰী সকলে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই বাতৰিৰ পাছত চৰকাৰ, শীৰ্ষ বন কাৰ্যালয়ৰ কৰ্তৃপক্ষই মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰী সকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষ্যণীয় হ’ব ৷

প্ৰেৰক বগা তপ্ন

You might also like