নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালানবিহীন বালি পৰিবাহী ট্ৰাকক নাকী লগাবলৈ কঠোৰ মৰিগাঁও জিলা আয়ুক্ত

বাৰ্তা বুৰো, ২ নৱেম্বৰঃ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত একাংশ চক্ৰই চালান বিহীনভাবে বালি যোগান ধৰি অহা আৰু অভাৰ লোডিং সন্দৰ্ভত বিভিন্ন ৰাজহুৱা অভিযোগ উত্থাপন হৈ থকাৰ মাজতে কালি জিলা আয়ুক্ত দেবাসীস শৰ্মাৰ নিৰ্দেশত মৰিগাঁও জিলা পৰিবহণ বিভাগে অভিযান চলাই ৫খনকৈ বালিভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হোৱাৰ পিছতে পোহৰলৈ আহিছে কি দৰে মৰিগাঁও জিলাত একাংশ বালি মহল আৰু যোগানধাৰীয়ে বন বিভাগৰ চকুৰ সন্মুখতে চলাই আহিছে কলা ব্যৱসায়। অভিযোগ অনুসৰি মৰিগাঁও বন বিভাগৰ একাংশ বিষয়া কৰ্মীক মেনেজ কৰি এই লোক সকলে কোনো ধৰণৰ চালান নকটাকৈ বালি মহলত দুই হাজাৰ টকা অতিৰিক্ত কৈ আদায় দি নিৰ্বিঘ্নে চলাই আহিছে বালি যোগানৰ ব্যৱসায়। কালি জব্দ হোৱা ৫ খন ট্ৰাকৰ নাছিল কোনো বৈধ চালান আৰু জোখত কৈ অধিক বালি অনা হৈছিল। বন বিভাগৰ চকুৰ সন্মুখতে এনে অনিয়ম হৈ থকা সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্ত দেবাসীস শৰ্মাই মৰিগাঁও বন বিষয়া ৰবীন বৈশ্যক জবাবদিহি কৰাৰ লগতে এতিয়াৰ পৰা এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। আনহাতে জব্দ হোৱা এখন ট্ৰাকৰ মালিকৰ বিস্ফোৰক ভাষ্য যে ট্ৰাক প্ৰতি ২ হাজাৰ টকা মহল দাৰক আদায় দিয়া হয় আৰু তাৰ পিছত বন বিভাগৰ কোনো বিশেষ বাধা নোহোৱাকৈ তেওঁলোকে ট্ৰাক পৰিবহন কৰে যত স্পষ্ট হৈছে মৰিগাঁও বন বিভাগৰ সন্দেহজনক স্থিষ্টি। অভিযোগ অনুসৰি গোপন বুজাবুজিৰে বন বিভাগে এইদৰে চলাচল কৰিব দিয়ে চালান বিহীন অভাৱ লোড ট্ৰাক। আনহাতে এই বিষয়ত তেওঁলোকৰ ষ্টাফৰ অভাৱৰ কথা উল্লেখ কৰাৰ লগতে চালান দিয়াটো বন বিভাগৰ দায়িত্ব নহয় বুলি দায় সৰা মন্তব্য দিয়ে বন বিষয়া ৰবীন বৈশ্যই । উল্লেখ্য মৰিগাঁও ৰ বন বিভাগৰ অধীন ৰ বিভিন্ন এলেকাত অবৈধ কাঠ ফলা মিল চলি থকাৰ বহুকেইটা তথ্য ইতিমধ্যে ফাদিল হৈছে। মৰিগাঁও বন বিভাগৰে গোপন বুজাবুজিৰে এনে কাৰ্য সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like