নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰেৰহণীয়া শোভাযাত্ৰাৰে মুখৰ শংকৰ সংঘৰ ৰঙিয়া অধিৱেশন

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশনৰ আজি তৃতীয় তথা অন্তিম দিন। আজি পুৱা ৯ বজাত ধৰ্মধজ্জা ওত্তোলন কৰা হয়। ধৰ্মধজ্জা ওত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। লগত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া। ১০ বজাত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়। ৰঙিয়া মজনজানা ভৈয়ৰা হাতীখলা পথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা ৰঙিয়া চহৰৰ মাজমজিয়া হৈ ১৮ কিলোমিটাৰ যাত্ৰা কৰি পুনৰ অধিৱেশনস্থলীত উপস্থিত হয়। ভাগৱত শোভাযাত্ৰাত ময়ুৰ আসন প্ৰতিস্থা কৰাৰ লগতে গুৰু আসন প্ৰতিস্থা কৰি শোভাযাত্ৰা আৰম্ভ হয়, অসমৰ বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ ভকত বৈষ্ণৱ, আই-মাতৃ সকলে অংশগ্ৰহণ কৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like