নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ মৰাণজানাত আৰম্ভ শংকৰদেৱ সংঘৰ অধিৱেশন

ভক্তিৰসত বিলীন হাতীখলা পথাৰ

স্মৃতিগ্ৰন্থ ‘ভকতি সিন্ধু’ উন্মোচন ড০ কুলধৰ শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : সংঘ‍ই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৱদানৰাজি আৰু সম্ভাৰ-সম্পদ দেশৰ লগতে বিশ্বদৰবাৰত প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে শংকৰদেৱ সংঘই লোৱা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। জাতীয় জীৱনত এনে কোনো দিশ নাই য’ত গুৰুজনাৰ প্ৰভাৱ নাই। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সেইবাবে কৈছিল- অসমৰ প্ৰাণ হৈছে শংকৰগুৰু। এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ডঃ কুলধৰ শইকীয়াৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশনৰ আজি স্মৃতিগ্ৰন্থ ‘ভকতি সিন্ধু’ উন্মোচন কৰি সাহিত্যিক শ‍ইকীয়াই লগতে কয় যে জাতিটোক আগুৱাই নিয়াত গুৰুজনাৰ অৱদান অপৰিসীম। ধৰ্ম, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, সমাজনীতিকে আদি সকলো দিশতে অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে। লগতে তেওঁ স্থাপন কৰা নামঘৰৰো এক গুৰুত্বপূৰ্ণ অৱদান আছে। নামঘৰ কেৱল আধ্যাত্মিকতাৰ কেন্দ্ৰ‍ই নহয়, ইয়াত জাতীয় জীৱনৰ প্ৰতিটো দিশ প্ৰতিফলিত হৈছে। নামঘৰ সংস্কৃতিৰ আদিপাঠ শিক্ষাৰ পীঠস্থান বুলি সাহিত্যিক গৰাকীয়ে দোহাৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like