মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত চাইবাৰ অপৰাধ আৰু প্ৰশাসনিক নিয়ন্ত্ৰণৰ বাবে বিশেষ পাঠ্যক্ৰম
নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: স্নাতক পৰ্যায়ৰে পৰা প্ৰশাসনিক দক্ষতা বৃদ্ধি তথা চাইবাৰ অপৰাধ ৰোধৰ বাবে নগাঁৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব দুটা নতুন পাঠ্যক্ৰম৷ দ্বাদশ শ্ৰেণী উৰ্ত্তীণ হোৱাৰ পিছতে স্নাতক শাখাৰ বাবে শিক্ষাৰ্থীয়ে পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড গভাৰ্নেঞ্ছ (কলা) আৰু ডিজিটেল ফৰেনছিক এণ্ড চাইবাৰ চিকিউৰিটি (বিজ্ঞান) এই দুটা নতুন বিষয়ত বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিব পাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে ৷ পাঠ্যক্ৰম হিচাপত এই দুটা বিষয় অসমৰ শৈক্ষিক অনুষ্ঠানসমূহৰ ভিতৰত প্ৰথম ৷ নতুন শিক্ষানীতিৰ আধাৰত আৰু সাম্প্ৰতিক প্ৰেক্ষাপটৰ ওপৰত গুৰুত্ব দি মুকলি কৰা এই দুই পাঠ্যক্ৰমে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ লগতে প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আনহাতে, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই জনোৱা মতে, চলিত বৰ্ষৰে পৰা কেঞ্চাৰ বায়’লজিত পি.এইচ.ডি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে ৷ এই বায়’লজিকেল গৱেষণাৰ জৰিয়তে শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ’ব বুলিও জনায় ৷ নতুন শিক্ষানীতি অনুসৰি বিশ্ববিদ্যালয়খনে বিভিন্ন বিষয়ত সংহত গৱেষণা (ইন্ট্ৰিগেটেড) ৰ পাঠ্যক্ৰম মুকলি কৰিব ৷ ইয়াৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনে বাণিজ্য শাখাতো আগন্তুক শৈক্ষিক বৰ্ষৰে পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিব ৷