নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ গ্ৰেপ্তাৰ ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল

  • নগদ ১৫ হাজাৰ টকা উদ্ধাৰ৷

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ কিছুদিন পূৰ্বে মাটিৰ দালালে বাতৰি শিৰোনামা দখল কৰা ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ত আজি দিনৰ দুই বজাত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক বিভাগে ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ এগৰাকীয়ে লাট মণ্ডলক ১৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পেলাই৷ জানিব পৰা মতে ঠেলামৰা ৰাজহ চক্ৰৰ বামুন পুখুৰী ঔবাৰী লাটৰ লাটমণ্ডল গৰাকীয়ে মাটিৰ কামৰ বিনিময়ত বহু লোকৰ পৰা মুকলি কৈ টকা আদায় লৈ আহিছিল৷ ইফালে আজি পূৰ্বে দাবী কৰা ধন ঠেলামৰাৰ আন এগৰাকী ব্যক্তিৰ পৰা লোৱাৰ সময়তে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই চক্ৰ বিষয়াৰ গাতে লাগি থকা কেন্টিনত ১৫ হাজাৰ টকা লেনদেন কৰি থকাৰ সময়তে হাতে লোতে ধৰা পৰি হাত দাঙিবলগীয়া হ’ল লাট মণ্ডল পৰাগ বৰাই ৷

ইফালে লাট মণ্ডল পৰাগ বৰাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ৰাজহ চক্ৰটোৰ আন আন মণ্ডল সকল কাৰ্যালয় এৰি পলায়ণ কৰে৷ উল্লেখ্য যে ২০১৪ চনত কাৰ্যকৰী হোৱাকৈ স্থাপন হোৱা এই ৰাজহ চক্ৰ কাৰ্যালয়টোত সময়ে সময়ে বিভিন্ন দুৰ্নীতিৰ খবৰ ইতিমধ্যেই সংবাদ শিৰোনাম দখল কৰিছে৷ ইয়াৰ উপৰিও সমগ্ৰ অসমতে মাটিৰ দালাল গ্ৰেপ্তাৰ হোৱাৰ সময়তে এই কাৰ্যালয়ত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু এগৰাকী লাট মণ্ডল উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈ কাৰাগাৰৰ আলহি হৈছিল৷

মনকৰিবলগীয়া যে যি সময়ত চৰকাৰ খনে দুখীয়া দৰিদ্ৰৰ ৰাইজৰ হকে সকলো চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীক সততাৰে কাম কৰিবলৈ আহ্বান জনাইছে তেনে সময়তে চৰকাৰৰ এনে আহ্বানক একাংশ বিষয়া কৰ্মচাৰীয়ে বুঢ়া আঙুলি দেখুবাই উৎকোচ লৈ নিজৰ পকেট গৰম কৰাৰ ফলত দুখীয়া দৰিদ্ৰ জনসাধাৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ ইফালে মিছন বসুন্ধৰা 2.0 কাম সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে তেনে সময়তে ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ত ধনৰ বিনিময়ত মিছন বসুন্ধৰাৰ কামো চলিছে বুলি অভিযোগ উঠিছে৷

আনহাতেদি ইয়াৰ পূৰ্বে ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়টোৰ স্বয়ং ৰাজহ চক্ৰ বিষয়া গৰাকী গ্ৰেপ্তাৰ হওতে ৰাইজে ভাবিছিল যে ৰাজহ চক্ৰ কাৰ্যালয়ত ক্ৰমাত দুৰ্নীতি হ্ৰাস পাব যদিও ক্ৰমাগত ভাৱে কাৰ্যালয়টোত মাটিৰ দালাল আৰু একাংশ মণ্ডল, মহৰীৰ পূৰ্বতকৈ অধিক হাৰত উৎপাত বৃদ্ধিহে পাবলে ধৰিলে৷ স্থানীয় ৰাইজে ঠেলামৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়টোৰ পৰা দুনীৰ্তি পৰায়ণ কৰ্মচাৰী, মাটিৰ দালাল চক্ৰ, মহৰীকে ধৰি দুনীৰ্তিগ্ৰস্ত সকলোকে এই কাৰ্যালয়ৰ পৰা উৎখাত কৰিবলৈ চৰকাৰক দাবী জনাইছে৷ উল্লেখ্য যে আজি গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল গৰাকীয়ে প্ৰায় ছয় মাহ পূৰ্বে এই কাৰ্যালয়ত যোগদান কৰিয়েই এক প্ৰকাৰে সন্ত্ৰাস সৃষ্টি কৰিছিল বুলি বহুতে অভিযোগ কৰিছিল৷

প্ৰেৰকঃ দুলাল নাথ ঠেলামৰা৷

You might also like