নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত বিজেপিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, উপস্থিত মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা,  ১৯ অক্টোবৰঃ “বিশ্বৰ বুকুত অসমক শ্ৰেষ্ঠ আসনত বহুৱাব পৰাকৈ অসমত সকলো সম্ভৱনা আছে ৷ মাথোঁ সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে সকলো জাতি-জনগোষ্ঠী মিলিত হৈ কৰ্ম কৰি যাব লাগিব ৷ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই বিগত সময়ত অভাৱনীয়ভাৱে দুৰ্নীতি সংঘটিত হৈছিল ৷ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু অন্যান্য দলে কেতিয়াও অসমৰ দুখীয়া ৰাইজৰ হকে কাম কৰা নাছিল ৷ কেৱল ক্ষমতাৰ কাৰণেহে কাম কৰিছিল ৷ বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমভাবাপন্নভাৱে আঁচনি গ্ৰহণ কৰিছে, যাৰ বাবে অসমৰ জাতি-জনজাতি, সংখ্যালঘুৰ লগতে সকলোৱে আঁচনিসমূহ লাভ কৰিবলৈ সক্ষম হৈছে ৷” -এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত শালপাৰাৰ খেলপথাৰত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ক্ষমতা দখল কৰি কাকো প্ৰতাৰণা কৰা নাই ৷ সকলোকে সমভাৱে সামৰি আঁচনিসমূহত অন্তৰ্ভুক্ত কৰিছে ৷

 ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৱ হুছেইন খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি নিজৰ ভাষণত কয় যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিত ৭০ লাখ নতুন সদস্য অন্তৰ্ভুক্ত কৰাৰ লগতে আব্দুল আজিজকে ধৰি বহু কেইজন সংখ্যালঘু নেতাই ইতিমধ্যে বিজেপিত যোগদান কৰিছে ৷

উক্ত কাৰ্যনিৰ্বাহক সভাত  ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ,বিজেপিৰ ৰাজ্যিক উপ সভাপতি স্বপ্ননীল বৰুৱা ,সংখ্যালঘু মৰ্চাৰ কলিয়াৰ জিলাৰ সভাপতি ছাইদুল ইছলাম বাজিয়াগাঁও মণ্ডল
বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাকে ধৰি বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

You might also like