নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেকাজানত দেশীয় সুৰাসহ দুজনক আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ তিতাবৰ মহকুমাৰ বেকাজান আৰক্ষীয়ে আজি বিয়লি অসম নাগালেণ্ড সীমান্তৰ ৩৬ ঘৰীয়া গাঁৱত অভিযান চলাই প্ৰায় ৪০টা মস্তি নামৰ দেশীয় সুৰাৰ বটল জব্দ কৰে। বেকাজান আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৩৬ ঘৰীয়া গাঁৱৰ নৃপেন গগৈ নামৰ লোকজনে দীৰ্ঘ দিনৰ পৰা গোপনে এই অবৈধ সুৰা বিক্ৰী কৰি থকা বুলি খবৰ লাভ কৰাৰ পিছত আজি আৰক্ষীয়ে অভিযান চলাই চাৰি কাৰ্টন জব্দ কৰাৰ লগতে নৃপেন গগৈক আটক কৰে।

ইফালে মেৰাপানী থানাৰ অন্তৰ্গত ১২ কলাজানৰ অপূৰ্ব কছাৰী নামৰ এটা চুলাই বেপাৰীক যোৰহাট জিলাৰ নাগালেণ্ড সীমান্তলৈ অবৈধভাৱে চুলাই সৰবৰাহ কৰাৰ সময়তে বেকাজান আৰক্ষীয়ে হাতে-লোটে আটক কৰে। চুলাই বেপাৰীটোৰ পৰা আৰক্ষীয়ে এটা গেলনৰ পৰা ১৬ লিটাৰ চুলাই জব্দ কৰি তিতাবৰ আবকাৰী বিভাগক চমজাই দিয়ে।

You might also like