মই দুখ পাইছোঁ! মই মাজুলীক লৈ ৰাজনীতি কৰা নাইঃ সৰ্বানন্দ সোণোৱাল
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: নিমাতীঘাটৰ নাও দুর্ঘটনাক লৈ মর্মাহত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ বুধবাৰে সংঘটিত এই ঘটনাৰ পাছতেই শুকুৰবাৰে মাজুলীত উপস্থিত হ’ল কেন্দ্রীয় মন্ত্রীগৰাকী।
আজি মাজুলীত উপস্থিত হৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে এই ঘটনাক লৈ গভীৰ দুখ প্রকাশ কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়– “বহুতে কৈছে যে দলঙকলৈ ৰাজনীতি কৰিছে। সেই কথা শুনি মই দুখ পাইছোঁ। মই মাজুলীৰ বিধায়ক হিচাপে মাজুলীবাসী ৰাইজক লৈ কেতিয়াও ৰাজনীতি নকৰো। মই মাজুলীৰ ৰাইজক শ্ৰদ্ধা কৰো। এইখন সমাজে মোক বিধায়ক হিচাপে মোক নিৰ্বাচিত কৰিছে। তেওঁলোকৰ যি আন্তৰিকতা, মৰম-চেনেহ- ইয়াক কেতিয়াও মই ৰাজনীতিৰ সৈতে মূল্যাকণ কৰিব নিবিচাৰো।”
সর্বানন্দ সোণোৱালে লগতে কয় যে মাজুলীৰ ৰাইজৰ বাবে যিখিনি কৰণিয় আছে, সেয়া আমি নিষ্ঠা সহকাৰে, দয়বদ্ধতাৰে কৰি যাম। মাজুলীৰ ৰাইজৰ বাবে মোৰ সদায় দায়িত্ব আছে, আৰু থাকিব।
গতিকে আগন্তুক দিনত যাতে অসমৰ যিকোনো ঠাইতে এনেধৰণৰ ঘটনা সংঘটিত নহয়, তাৰবাবে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া নিমাতী-কমলাবাৰী ঘাটত যিখিনি আন্তগাঠনিৰ কাম আছে, সেয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে লগ হৈ শীঘ্ৰে সেইকাম খিনি সম্পূৰ্ণ কৰিব বুলিও মন্তব্য কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে।