নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ প্রাকমুহূর্তত সৰৱ হৈ উঠিছে ৰাজ্যৰ বিৰোধী দলসমূহ৷ আজি দেশৰ প্রধানমন্ত্রীগৰাকীৰ্ পৰা ১৬টাকৈ প্রশ্ণৰ উত্তৰ বিচাৰে আঞ্চলিক গণ মর্চাই৷ এখন সংবাদ মেলত মর্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে পূর্বৰ ভিজন ডকুমেণ্টত দিয়া প্রতিশ্রুতিসমূহ পালন নকৰি নতুন নতুন সমস্যাৰ জন্ম দিলে৷ এতিয়া নির্বাচনৰ সময়ত পুৰণি কথা পাহৰাই নতুন কথাৰ ধল বোওৱাৰ যো–জা চলাইছে৷ বিজেপিয়ে শেহতীয়াকৈ বিৰোধী মহাজোঁট গঠন নহ’বৰ বাবে বিভিন্ন ষড়যন্ত্র ৰচনা কৰিছিল৷ অপপ্রচাৰত লিপ্ত হৈছিল৷ অৱশেষত মহাজোঁট যেতিয়া গঠন হ’ল, বিজেপিয়ে এতিয়া হিন্দু–মুছলমানকেন্দ্ কথা–বতৰাৰে সাম্প্রদায়িক উত্তেজনা বিয়পোৱাৰ পৰিকল্পনা ৰচনা কৰিছে৷ তাৰেই আৰম্ভণি বিজেপিয়ে উজনি অসমৰ পৰা কৰিব বিচাৰিছে৷সেই বাবেই প্রধানমন্ত্রী মোদীৰ উজনি ভ্রমণৰ পূর্বে আঞ্চলিক গণ মর্চাই ১৬টা প্রশ্ণ উত্থাপন কৰিব বিচাৰিছে৷ সততা আৰু সাহসৰ পৰিচয় দি প্রধানমন্ত্রীয়ে এই প্রশ্ণসমূহৰ উত্তৰ দিয়া উচিত৷ আঞ্চলিক গণ মর্চাই উত্থাপন কৰা প্রশ্ণসমূহৰ ভিতৰত বিগত ৬ বছৰত কিমান অবৈধ বাংলাদেশী বিতাড়ন কৰিলে, তাৰ পৰিসংখ্যা ৰাজহুৱা কৰিব লাগে৷
‘কা’ আন্দোলনৰ সময়ত ৫জনকৈ ডেকা ল’ৰাক হত্যা কৰি সংবিধানবিৰোধী এখন আইন অসমবাসীৰ ওপৰত জাপি দিলে৷ উত্তৰ–পূর্বাঞ্চলৰ জনসাধাৰণতকৈ অবৈধ বাংলাদেশী প্রধানমন্ত্রীগৰাকীৰ্ বেছি আপোন নেকি? আকৌ এবাৰ অসম চুক্তি ৰূপায়ণৰ ভুৱা প্রতিশ্রুতি দিবলৈ আহিছে নেকি? চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদন গ্রহণ কৰিবলৈ সময় নহ’ল নেকি? ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ ৰাজনীতি কিয়? বিশেষ ৰাজ্যৰ মর্যাদা অসমৰ পৰা প্রত্যাহাৰ কৰা হ’ল কিয়? কিমান বছৰলৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজনীতি কৰি যাব? ইয়াৰ বাহিৰেও কাগজ কলৰ পুনৰুজ্জীৱিতকৰণ, তৈলক্ষেত্রৰ ব্যক্তিগতকৰণ, মাজুলী সংযোগী দলং, বিমানবন্দৰ ব্যক্তিগতকৰণ, ব্রহ্মপুত্র খনন আদি বিষয়ক লৈও আঞ্চলিক গণ মর্চাই প্রশ্ণ উত্থাপন কৰিছে৷ সংবাদ মেলত মর্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই বিৰোধী মহাজোঁটে সমাগত নির্বাচনত ৮০খন আসন লাভ কৰিব বুলিও দাবী কৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক প্রত্যাহ্বান জনাই তেওঁ কয়– ‘বিজেপিৰ নেতাসকলে বিৰোধী মহাজোঁটক লৈ ভয় খাইছে৷ আন নালাগে ৰঞ্জিত দাসে নিজৰ সমষ্টিৰ পৰা নির্বাচন জিকি দেখুৱাওক৷ সৰভোগত এইবাৰ বিৰোধী মহাজোঁটৰ প্রার্থী থাকিব– ৰঞ্জিত দাসলৈ মুকলি প্রত্যাহ্বান যে তেওঁ নিজৰ সমষ্টিত বিজয়ী হৈ দেখুৱাওক৷’ নৱগঠিত আঞ্চলিক দলসমূহকো নির্বাচনী ৰাজনীতি সন্মুখত ৰাখি ৰণকৌশল প্রস্তুত কৰিবলৈ তেওঁ আহ্বান জনায়৷