নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিৰ গৰু ছিণ্ডিকেটৰ নেতৃত্বত ভেঞ্চাৰ স্কুলৰ শিক্ষক

পশুধনৰ চোৰাং বেহাত মানৱ সম্পদ গঢ়া শিক্ষাগুৰু

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ কিমাশ্চর্যম চোৰাং বেহাত এইবাৰ শিক্ষক৷ মানৱ সম্পদ গঢ় দিয়া শিক্ষকেই কালিমা সানিলে শিক্ষা জগতক৷ স্বয়ং শিক্ষকেই যদি অবৈধ পশুধনৰ চোৰাং ব্যবসায়ত লিপ্ত হয়, তাতকৈ আৰু ডাঙৰ কলংক কি হ’ব পাৰে? শেহতীয়াকৈ এগৰাকী শিক্ষকৰ এনে কর্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে৷ সমগ্র উজনি অসমত গৰুৰ অবৈধ চোৰাং ব্যৱসায়ৰ বর্তমানে প্রধান কেন্দ্রবিন্দু হৈ পৰিছে ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্রৰ গেলুৱা অঞ্চল৷ এই গেলুৱাৰ পৰাই অসমৰ প্রধানকৈ গুৱাহাটীৰ লগতে অন্যান্য স্থানলৈ দৈনিক চোৰাং গৰু অবৈধভাৱে সৰবৰাহ হয়৷

অভিযোগ মতে, গেলুৱাৰ এগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষক জনৈক হুছেইনে সমগ্র অবৈধ গৰু ছিণ্ডিকেট চক্রৰ স’তে দীর্ঘসময়ৰ পৰা জড়িত হৈ আহিছে৷ শিক্ষক হুছেইনৰ ককায়েক আৰু ভতিজাও এই চক্রৰ স’তে ওতপ্রোতভাৱে জড়িত৷ উজনিৰ বিশেষকৈ তিনিচুকীয়া আৰু শদিয়াৰ পৰা অৰুণাচলৰ ৰয়িং হৈ পাছিঘাটেদি আহি ধেমাজিৰ গেলুৱাৰ উক্ত শিক্ষকগৰাকীৰ পৰিয়ালৰ বিভিন্নজনৰ ঘৰত এই চোৰাং গৰুবোৰ আবদ্ধ কৰি ৰখা হয়৷ পৰৱর্তী সময়ত দৈনিক ১০–১৫খন দহ–বাৰ চকীয়া বৃহৎ ড্রাকত ২৫–৩০টাকৈ গৰু উঠাই গুৱাহাটীলৈ চালান দিয়া হয়৷ প্রতিড্রাক গৰু সৰবৰাহৰ বাবদ শিক্ষকগৰাকীয়ে ৯০ হাজাৰ টকাকৈ সংগ্রহ কৰা বুলি বিশেষ সূত্রে জানিব পৰা গৈছে৷এনেদৰে মাহত প্রায় তিনি কোটি টকা সংগ্রহ কৰে শিক্ষকগৰাকীয়ে৷ আনহাতে, গুৱাহাটীলৈ চালান দিয়া চোৰাং গৰুসমূহ গুৱাহাটীৰ কাহিলিপাৰাৰ চিত্রবন পথৰ চফিকুল আলম চৌধুৰীয়ে চমজি লৈ সুনির্দিষ্ট স্থানত বিক্রী কৰে বুলি সূত্রত প্রকাশ৷

জানিব পৰা মতে, চফিকুল আলম চৌধুৰীৰ লগতে প্রফুল্ল হালৈ নামৰ আন এজন ব্যক্তিৰ নামত মেছার্ছ মিলিজুলি এণ্টাৰপ্রাইজ নামৰ এখন ফার্মক জীৱ–জন্তু (লাইভ ষ্টক) সৰবৰাহ কৰিবলৈ গুৱাহাটীৰ পৌৰ নিগমে ২০১৯ চনৰ ২৯ অক্টোবৰত ২৪০২৫৩ ক্রমিক নং অনুযায়ী গুৱাহাটীৰ পৌৰ আয়ুক্তই ব্যৱসায়ৰ এখন অনুজ্ঞাপত্র প্রদান কৰি থৈছে৷ ইয়াৰ আলমত ধেমাজিৰ গেলুৱাৰ শিক্ষক হুছেইনে বিনাদ্বিধাই কাকো কেৰেপ নকৰি চলাই গৈছে গৰু চুৰিৰ দৰে অপৰাধ৷ ধেমাজিৰ আৰক্ষী বিষয়াৰ লগতে ডিব্রুগডৰ একাংশ আৰক্ষী বিষয়া আৰু প্রভাৱশালী ৰাজনৈতিক নেতাৰ সৈতে এই চফিকুল আলম চৌধুৰীৰ ঘনিষ্ঠতা থকা বুলিও অভিযোগ উঠিছে৷ যাৰ সুবাদতে হেলাৰঙে এই গৰুৰ চোৰাং ছিণ্ডিকেটৰ কাণ্ডাৰীসকলে প্রতিদিনে ১০–১৫খন চোৰাং গৰুৰ ড্রাক বগীবিল দলং পাৰ কৰি গুৱাহাটীলৈ সৰবৰাহ কৰি আহিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ জিলাত পশুধনৰ এনে অবাধ চোৰাং ব্যৱসায় চলি থকাৰ পাছতো সকলোৱে চকুমুদা কুলিৰ ভাও ধৰাটো আশ্চর্যজনক৷

You might also like