নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীৰ বাপুজী কলেজত নিযুক্তি বিতৰ্ক : সাক্ষাৎকাৰৰ পূৰ্বেই ওলাল ফলাফল!

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল : সৰ্থেবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বাপুজী মহাবিদ্যালয়ৰ খালী পদ পুৰণ কৰা সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে। সাক্ষাৎকাৰ অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণা কৰা তাৰিখৰ অমিলক লৈ বিতৰ্কৰ সৃষ্টি হয় আৰু সামাজিক মাধ্যমত এই বিষয়টো ব্যাপক চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰীৰ চকীদাৰ, লেবৰেটৰী বীয়াৰাৰ আৰু লাইব্ৰেৰী বীয়াৰাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি সাক্ষাৎকাৰ গ্ৰহণ কৰে। চকীদাৰ পদ অসংৰক্ষিত হোৱাৰ বিপৰীতে লেবৰেটৰী বীয়াৰাৰ পদটো অনুসূচিত জাতিৰ বাবে আৰু লাইব্ৰেৰী বীয়াৰাৰ পদটো আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰা হৈছিল। চকীদাৰ পদৰ বাবে ২৬গৰাকী, লাইব্ৰেৰী বীয়াৰাৰ পদৰ বাবে ১৩গৰাকী আৰু লেবৰেটৰী বীয়াৰাৰ পদৰ বাবে ১৭গৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছিল। যোৱা ২০ আৰু ২২ এপ্ৰিলত সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়। সেইমৰ্মে সাক্ষাৎকাৰ অনুসৰি ফলাফল ঘোষণা কৰি অধ্যক্ষৰ স্বাক্ষৰসহ জাননী ফলকত ফলাফল তালিকা আঁৰি দিয়া হয়। পিছে জাননী ফলকত আঁৰি দিয়া ফলাফল তালিকাত অধ্যক্ষৰ স্বাক্ষৰৰ তলত থকা তাৰিখক লৈ সৃষ্টি হল বিতৰ্কৰ। কিয়নো অধ্যক্ষৰ স্বাক্ষৰৰ তলত দিয়া তাৰিখ আছিল ১৭ এপ্ৰিল। অধ্যক্ষৰ স্বাক্ষৰৰ তলত দিয়া তাৰিখ অনুসৰি সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ পূৰ্বেই ফলাফল ওলোৱাৰ দৰে হোৱাৰ বাবে এই বিতৰ্কৰ সূত্ৰপাত হয়। এই ঘটনাৰ আলম লৈ বহুতে সাক্ষাৎকাৰৰ পূৰ্বেই প্ৰাৰ্থী নিৰ্বাচন কৰি ৰখা বুলিও অভিযোগ কৰে। কিছু লোকে বক্ৰ পথেৰে বুজাবুজি কৰি প্ৰাৰ্থী বাচনি কৰা বুলিও অভিযোগ উত্থাপন কৰে। সাক্ষাৎকাৰ এক আনুষ্ঠানিকতাহে বুলিও অভিযোগ উত্থাপন কৰে।এই বিষয়টোক লৈ ইতিমধ্যেই সামাজিক মাধ্যমত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। ইপিনে অধ্যক্ষই সেয়া অসাৱধানবশতঃ তাৰিখৰ গণ্ডগোল হোৱা বুলি ব্যক্ত কৰাৰ লগতে পুনৰ তাৰিখ শুধৰণি কৰি নতুনকৈ ফলাফল তালিকা জাননী ফলকত আঁৰি দিয়া বুলিও জানিবলৈ দিয়ে।

 

প্ৰেৰক নকুল তালুকদাৰ

You might also like