নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীত অবৈধ মাটি কটা ট্ৰেক্টৰৰ আতংক : ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

নিয়মীয়াবাৰ্তা, ১৫ মে : আৰক্ষী, যান বাহন আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি এই বিভাগ সমুহৰ বিষয়া কৰ্মচাৰীৰ চকুৰ সন্মুখেৰে দীৰ্ঘদিন ধৰি অবৈধ ভাবে মাটি কটা ট্ৰেক্টৰে সমগ্ৰ সৰুক্ষেত্ৰী অঞ্চলতে ভয়াবহ ত্ৰাসৰ সৃষ্টি কৰিছে।সাধাৰণ ৰাইজৰ সমস্যাক বুঢ়া আঙুলি দেখুৱাই সৰুক্ষেত্ৰীৰ ভিন্ন অঞ্চলত এনে ধৰণে অবৈধ ভাবে মাটি কাটি থকা এনে ৰেজিষ্ট্ৰেছন আৰু ইঞ্চুৰেঞ্চ নথকা অবৈধ ট্ৰেক্টৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ নকৰাটোৱে বিভাগ তিনিটাৰ বিষয়া কৰ্মচাৰীৰ ভয়াবহ দুৰ্নীতি লাজ লগাকৈ উদং হৈ পৰিছে। আজি সৰুক্ষেত্ৰীৰ বালাপাৰা আৰক্ষী চকীৰ এলেকাত অবৈধ মাটি কাটা নিয়ন্ত্ৰণহীন মাটি ভৰ্তি ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হয় এজন যুৱক। বালাপাৰা আৰক্ষী চকীৰ সমীপতে নিহত হোৱা লোকজন ফিঙুৱা গাঁৱৰ আমীৰুল ইছলাম বুলি জানিব পৰা গৈছে। বালাপাৰা আৰক্ষী, বৰপেটা বজালী যান বাহন আৰক্ষী আৰু বন বিভাগক মাহেকীয়া কমিচন দি অবৈধ ভাবে দীৰ্ঘদিন ধৰি শ শ ট্ৰেক্টৰে কাটি আছিল মাটি।পিছত বালাপাৰা বামুণকুচিত ট্ৰেক্টৰতে কাম কৰা যুৱকজনক খুন্দিয়াই গুৰুতৰভাবে আহত কৰে যদিও মানবতাৰ খাতিৰতো আহত লোকজনক চিকিৎসা নকৰি তাতে পেলাই থৈ পলায়ন কৰে ট্ৰেক্টৰ জেচিবি সহ চালক মালিক সকল। পিছত স্থানীয় ৰাইজে বালাপাৰা আৰক্ষীক খবৰ দিয়ে। দুৰ্ভাগ্যজনকভাবে ক্ষন্তেক পিছতেই যুৱকজনৰ মৃত্যু হয়।প্ৰতিদিনে যান বাহন আৰক্ষী,বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি বালাপাৰা গোলিবান্ধা অঞ্চলত চলে শ শ মাটি কটা অবৈধ ট্ৰেক্টৰ। চকু মুদা কুলিৰ ভাওত আৰক্ষী,যান বাহন আৰু বন বিভাগ। কোনো ধৰণৰ অনুমতি নহোৱা শ শ ট্ৰেক্টৰে এই অঞ্চলত মানুহৰ জীৱন বিপদাপন্ন কৰিছে।ঘটনাস্থলীত উপস্থিত বালাপাৰা আৰক্ষী মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এতিয়া প্ৰশ্ন হয় চৰকাৰক ৰাজহ কাগজে কলমে আদায় দিয়াৰ বাবে জিলাখনৰ পথে পথে নাকা চেকিঙ বহাই বাইক স্কুটিৰ হেলমেট, ইঞ্চুৰেঞ্চ, চাই ফাইন কৰা আৰু চাৰিচকীয়া বাহনৰ চিটবেল্ট নামাৰিলে ফাইন কৰা আৰক্ষী তথা যান বাহন আৰক্ষী কিহৰ লোভত এনে অবৈধ ট্ৰেক্টৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে সেই কথা ৰাইজৰ বুজিবলৈ বাকী নাই বুলি আজি ৰাইজে ক্ষোভ প্ৰকাশ কৰে।
প্ৰেৰক নকুল তালুকদাৰ
You might also like