নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানে উটুৱাই নিলে সৰুক্ষেত্ৰীৰ নাককাটিৰ পল্লা নদীৰ দলং

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ বিগত কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বৰপেটা জিলাৰ নৈ-উপনৈসমুহৰ জলপৃষ্ঠা উফন্দি উঠিছে। ফলত বাঢ়নী পানীয়ে জিলাখনৰ বিভিন্ন বাট-পথ বিধ্বস্ত তথা ছিঙাৰ লগতে দলং আদি উঠি ভাহি যোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে আজি জিলাখনৰ অধীনস্থ সৰুক্ষেত্ৰীৰ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ ৪০নং পশ্চিম বেতবাৰীৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম বৰবালা গাঁওৰ ১নং ৱাৰ্ডৰ নাককাটিৰ পল্লা নদীৰ ওপৰত থকা কাঠৰ ফুট ব্ৰীজ বানপানীৰ প্ৰৱল সোঁতে দিন দুপুৰতে উটুৱাই লৈ যায়। ফলত ওচৰে-পাজৰে থকা শ-শ লোকৰ যাতায়ত ব্যাহত হৈ পৰিছে। ইপিনে সমষ্টিখনৰ অন্তৰ্গত ভক্তৰডোবা পথ ছিগি টিহু নদীৰ বাঢ়নী পানী হোৰাহোৰে সোমাই অহাত নলীগাঁওকে ধৰি কেইবাখনো অঞ্চলত ৰাতিৰ ভিতৰত প্লাৱিত হোৱাৰ আংশকা কৰা হৈছে। সম্প্ৰতি মুঠতে সৰুক্ষেত্ৰীৰ ৰাইজে বান পানীৰ আগমনত ভীষন অসুবিধাৰ মাজেৰে দিন-ৰাতি অতিবাহিত কৰিবলগীয়া হৈছে।

প্ৰেৰক আফতাব হুছেইন

You might also like