নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়সৃষ্ট গুৱাহাটীৰ কৃত্রিম বানক লৈ হ’ব ছেটেলাইট ছার্ভে

🔹 ছুপ্রিম ক’ৰ্টৰ নির্দেশত কনৰাড চাংমাৰে বৈঠক ড০ শর্মাৰ

বিশেষ বাৰ্তা, ৩ জুন : মেঘালয়ৰ বৰষুণসৃষ্ট পানীয়ে গুৱাহাটীত সৃষ্টি কৰা ভয়াৱহ বানৰ মাজতে কালি খানাপাৰাস্থিত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় অসম–মেঘালয়ৰ দ্বিপাক্ষিক বৈঠক৷ মুখ্যতঃ সীমা বিবাদক লৈ অনুষ্ঠিত এই বৈঠকতে মেঘালয়সৃষ্ট পানীয়ে গুৱাহাটী মহানগৰীত দুর্যোগৰ প্রসংগই মুখ্য স্থান লাভ কৰে৷ সীমা বিবাদৰ সমস্যা সমাধানৰ সমান্তৰালকৈ গুৱাহাটীৰ কৃত্রিম বান ৰোধৰ ক্ষেত্রত মেঘালয় চৰকাৰৰ সহযোগিতা বিচাৰি ৰাজ্য চৰকাৰে দিয়া আবেদনক পূর্ণ সহযোগৰ আশ্বাস দিয়ে মেঘালয় চৰকাৰে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মুখ্য সচিব ৰবি কোটা, মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা আৰু মেঘালয় চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত চুবুৰীয়া ৰাজ্যখনৰ যোৰাবাটৰ পাহাৰ খননৰ বিস্তৃতভাৱে আলোচনা হয়৷ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত দ্বিপাক্ষিক বৈঠকৰ প্রসংগত কয়– মই মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক পুনৰ এখন বৈঠকৰ বাবে আমন্ত্রণ জনাইছোঁ ৷ এই বৈঠকত গুৱাহাটীৰ কৃত্রিম বান সন্দর্ভত আলোচনা কৰা হ’ব ৷ বৈঠকত মেঘালয়ৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰা দুর্যোগ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয়- অসম চৰকাৰে গুৱাহাটীৰ আশে–পাশে থকা পাহাৰসমূহত হৈ থকা খনন ৰোধৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ৰ ওচৰত যি আবেদন জনাইছিল সেই আবেদনৰ ভিত্তিত ন্যায়ালয়ে নিযুক্তি দিয়া কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে যোৰাবাটৰ সমীপত পাহাৰ কটা সন্দর্ভত অসম আৰু মেঘালয় দুয়োখন ৰাজ্যতে জাননী জাৰি কৰিছে৷ এই বিষয়টো আজি বৈঠকত আলোচনা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– মেঘালয়ৰ পৰা গুৱাহাটীলৈ পানীৰ সোঁত সম্পূর্ণৰূপে বন্ধ কৰাটো সম্ভৱ নহয়৷ বিগত দুদিনত গুৱাহাটীত সৃষ্টি হোৱা কৃত্রিম বানৰ বাবে দুয়োখন ৰাজ্যই পৰস্পৰক দোষাৰোপ কৰাটো যুক্তিসংগত নহ’ব৷ যোৰাবাটৰ পাহাৰ কটা বাবে ত্রিপুৰা ৰোড, জুৰিপাৰ আদি অঞ্চলত নতুনকৈ কৃত্রিম বানৰ সৃষ্টি হৈছে৷ এইক্ষেত্রত যৌথ পৰীক্ষণৰ প্রয়োজন আছে৷ বৈঠকত মেঘালয়ৰ ৩টা পইণ্টৰ পৰা কেনেকৈ পানী গুৱাহাটীলৈ নামি আহে সেই সন্দর্ভত অসম চৰকাৰে এক প্রেজেণ্টেচন মেঘালয় চৰকাৰৰ ওচৰত দাঙি ধৰে৷ মেঘালয়ে অসম চৰকাৰৰ কথাসমূহ ভালদৰে বুজিছে৷ কিন্তু তাৰ লগে লগে এইটোও তেওঁলোকে স্পষ্ট কৰে যে মেঘালয়ৰ পাহাৰৰ বহু অংশ ব্যক্তিগত স্বত্বাধিকাৰৰ হাতত আছে৷ মেঘালয় চৰকাৰে এই পাহাৰসমূহৰ ওপৰত তেওঁলোকৰ কি নিয়ম আৰোপ কৰিব পাৰে তাৰ ওপৰতো বহু নির্ভৰ কৰিব৷ বৈঠকত সিদ্ধান্ত লোৱা হয় যে নর্থ–ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰ সমগ্র উত্তৰ–পূবৰ যি উমৈহতীয়া মঞ্চ, এই অনুষ্ঠানটোৱে খানাপাৰা, বাহিনী, জুৰিপাৰ আৰু ত্রিপুৰা ৰোডকে ধৰি সমগ্র অঞ্চলটো ছেটেলাইট মেপিং কৰিব আৰু ক’ৰ পৰা পানী আহে আৰু ক’লৈ বৈ যায় সকলো দিশ ছেটেলাইটৰ জৰিয়তে ছার্ভে কৰিব৷ ৩ মাহৰ ভিতৰত তেওঁলোকে আমাক ছেটেলাইট মেপ দিব৷ এই ছেটেলাইট মেপৰ আধাৰত কেনেধৰণৰ আন্তঃৰাজ্যিক পদক্ষেপেৰে দুয়োখন ৰাজ্যই কেনেকৈ যৌথভাৱে সমস্যাটো সমাধান কৰিব পাৰে তাৰ বাবে গোটেই বিষয়টো আইআইটি ৰুৰকীৰ ওচৰলৈ লৈ যোৱা হ’ব৷ আইআইটি ৰুৰকীয়ে যিধৰণে এই বিষয়টোৰ ওপৰত প্রতিবেদন দিয়ে অথবা সমাধান দিয়ে, সেই সমাধান বাস্তৱত ৰূপায়ণ কৰা হ’ব৷ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা গুৱাহাটীলৈ আহি কৃত্রিম বান সমস্যাৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই ধন্যবাদো জ্ঞাপন কৰে৷ আনহাতে, এই বৈঠকত সীমা বিবাদৰ ওপৰত বিস্তৃত আলোচনা হয়৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে পূর্বে ৬টা অঞ্চলৰ সীমা বিবাদ নিষ্পত্তি কৰা হৈছে৷ এই ৬টা অঞ্চলৰ ভিতৰত গুৱাহাটীৰ গাত লাগি থকা পিলিংকাটা অঞ্চলটোক লৈ সীমা বিবাদৰ ওপৰত আলোচনা হৈছিল যদিও কিছু সমস্যা এতিয়াও অঞ্চলটোত আছে৷ পিলিংকাটাৰ এই সমস্যা পৰৱর্তী সময়ত জিলা আয়ুক্তৰ জৰিয়তে আলোচনা কৰা হ’ব৷ সেই অঞ্চলৰ কেইখনমান গাঁও মেঘালয় চৰকাৰে বিচৰাৰ বিপৰীতে চুবুৰীয়া ৰাজ্যখনে গাঁওকেইখনৰ বিনিময়ত সমপৰিমাণৰ মাটি অসমক এৰি দিয়াৰ প্রস্তাৱো দাঙি ধৰিছে৷ বিবাদ নিষ্পত্তি হোৱা ৫টা সীমাত ১৫ আগষ্টৰ পূর্বে দুয়োখন ৰাজ্যই সীমা নির্ধাৰণ হোৱা অঞ্চলত পিলাৰ স্থাপন কৰিব৷ এই বৈঠকত কুলশী নদীত এটা জলবিদ্যুৎ প্রকল্প নির্মাণৰো আলোচনা কৰা হয়৷ এইক্ষেত্রত নামনি অংশৰ গাঁওসমূহৰ ৰাইজৰ সৈতে বিষয়টো আলোচনা কৰিব লাগিব৷ কিয়নো প্রকল্পটো স্থাপন হ’লে ১০খনমান গাঁও স্থানান্তৰৰ প্রয়োজন হ’ব৷ দুয়োখন ৰাজ্যৰ যৌথ প্রচেষ্টাত ৫৫ মেগাৱাট শক্তিসম্পন্ন স্থাপন হ’ব লগা এই জলবিদ্যুৎ প্রকল্পটোৰ সমান্তৰালকৈ জলসিঞ্চন প্রকল্প এটাও স্থাপন হ’ব৷ অৱশ্যে জলসিঞ্চন প্রকল্পটো সম্পূর্ণৰূপে অসম চৰকাৰৰ উদ্যোগত হ’ব৷ ইয়াৰ জৰিয়তে কামৰূপ আৰু গোৱালপাৰাত জলসিঞ্চন ব্যৱস্থা কৰিব পৰা যাব৷

You might also like