নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি অসমৰ বিৰুদ্ধে তাচ্ছিল্যসূচক মন্তব্য বিধায়ক মৃণাল শইকীয়াৰ

🔹 খুমটাইৰ বিধায়কৰ বিৰুদ্ধে বিভিন্ন থানাত এজাহাৰ দল-সংগঠনৰ

বিশেষ বাৰ্তা, ৮ জুন : খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই নামনি অসমক লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে সৃষ্টি হৈছে তীব্র বিতর্ক৷ নামনি অসমৰ লোকক তুচ্ছ-তাচ্ছিল্য কৰা মৃণাল শইকীয়াৰ বিৰুদ্ধে বিভিন্ন থানাত দাখিল হৈছে এজাহাৰ৷ উল্লেখ্য যে লোকসভা নির্বাচনত যোৰহাট সমষ্টিৰ প্রার্থী গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ পাছতে সামাজিক মাধ্যমযোগে অভিনন্দন জনাই মৃণাল শইকীয়াই সৃষ্টি কৰিছিল বিতর্কৰ৷ বিধায়কজনৰ এই কাম–কাজক লৈ ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্রীকে ধৰি ৰাজ্যিক বিজেপিৰ নেতৃত্ব৷ ইয়াৰ বিপৰীতে মৃণাল শইকীয়াই আত্মপক্ষ সমর্থনত বিষয়টো সন্দর্ভত এইবুলি মন্তব্য কৰিছিল যে যোৰহাটৰ দৰে উজনি অসমৰ সমষ্টিত নামনি অসমৰ নেতাই প্রচাৰ কৰাৰ বাবেই বিজেপি ক্ষতিৰ সন্মুখীন হ’ল৷ উজনি অসমৰ লোকৰ স্বাভিমান আছে বুলি সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কৰি মৃণাল শইকীয়াই এইবুলিও কৈছিল যে উজনি অসমৰ চাহ, তেল, কয়লা আছে৷ গতিকে উজনিৰ মানুহৰ এক স্বাভিমান আছে, গৌৰৱ আছে৷ দৰাচলতে উজনি অসমেহে নামনি অসমক চলাই আছে৷ নামনি অসমৰ একোৱেই নাই৷ মৃণাল শইকীয়াৰ এই বক্তব্যই সৃষ্টি কৰা প্রতিক্রিয়াৰ মাজতে আজি নামনি অসমৰ বহু দল–সংগঠনে আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ বিলাসীপাৰাত আজি আক্রাছু আৰু নাথ যোগী ছাত্র সন্থাই বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ একেদৰে লাচিত সেনায়ো আজি বৰপেটাৰ সৰভোগ থানাত মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ আক্রাছুৱে আজি এজাহাৰ দাখিল কৰি মৃণাল শইকীয়াই কৰা বক্তব্যৰ বাবে তেওঁক ২৪ ঘণ্টাৰ ভিতৰত গ্রেপ্তাৰ কৰাৰো দাবী তুলিছে৷ আক্রাছু নেতৃত্বৰ মন্তব্য– নৰনাৰায়ণ–চিলাৰায়ৰ ৰাজ্যৰ লোকসকল দুখীয়া নহয়৷ এতিয়াও বহু চহকী লোকে নামনি অসমত বাস কৰে৷ নামনি অসমৰ লোক ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই চাহপাত দি নামনি অসমৰ লোকক চলাব৷ মৃণাল শইকীয়াই জনা উচিত যে চাহপাত কেৱল উজনি অসমতেই নহয়, নামনি অসমতো চাহপাতৰ খেতি হয়৷ বিধায়কজনৰ এই মন্তব্য ধিক্কাৰযোগ্য৷ মৃণাল শইকীয়াক অতি সোনকালে গ্রেপ্তাৰ নকৰিলে অচিৰেই প্রতিবাদী কার্যসূচী ল’বলৈ বাধ্য হ’ব বুলিও আক্রাছুৱে স্পষ্ট কৰি দিয়ে৷ আনহাতে, বীৰ লাচিত সেনায়ো আজি মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ২৪ ঘণ্টাৰ ভিতৰত গ্রেপ্তাৰৰ দাবী তুলিছে৷ মৃণাল শইকীয়াই নামনি অসমক লৈ কৰা বক্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰিছে বিধায়ক সুশান্ত বুঢ়াগোহাঁয়ে৷ বিধায়কগৰাকীয়ে কয় যে উজনি অসমৰ পৰা হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, সর্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হৈছে৷ যদি নামনি অসমে উজনি অসমৰ পৰা কিয় মুখ্যমন্ত্রী হ’ব লাগে বুলি স্থিতি ল’লেহেঁতেন, তেনেহ’লে অসমখন ভাগ ভাগ হৈ গ’লহেঁতেন৷ গতিকে আমি বৰ অসমক লৈহে ৰাজনীতি কৰা উচিত৷ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে বিজেপি প্রতিশ্রুতিবদ্ধ৷ উজনি–নামনিৰ সীমা ভৌগোলিক দিশৰ পৰাহে আছে৷ ৰাজনীতিত কোনো উজনি–নামনি নাই, সকলোৱে এক ৷

বিলাসীপাৰাত বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে বিলাসীপাৰা থানাত দাখিল হৈছে এজাহাৰ৷ আক্রাছু, অবিভক্ত গোৱালপাৰা জিলা নাথ যোগী ছাত্র সন্থা, গৰিয়া-মৰিয়াকে ধৰি বিভিন্ন দল–সংগঠনে বিধায়কজনৰ বিতর্কমূলক বক্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ সংগঠনকেইটাৰ বিষয়ববীয়াসকলে আজি এজাহাৰ দাখিল কৰি কয় যে বিধায়ক মৃণাল শইকীয়াই উজনি আৰু নামনি অসমৰ মাজত থকা সম্প্রীতি বিনষ্ট কৰাৰ চেষ্টা চলাইছে৷ তেওঁ কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ক হেয় প্রতিপন্ন কৰাৰ প্রয়াস কৰিছে৷ শীঘ্রেই মৃণাল শইকীয়াক গ্রেপ্তাৰৰো দাবী তোলে সংগঠনকেইটাই৷

You might also like