নিয়মীয়া বাৰ্তা, ২৯ জুলাই : বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজৰ উদ্যোগত আৰু চেকুৰীয়া শাখা সত্ৰৰ আতিথ্যত ১৭ জুলাইৰ পৰা আৰম্ভ হোৱা দহদিনীয়া ভোৰতাল নৃত্য আৰু থিয়নাম (বীৰনাম)ৰ কৰ্মশালাৰ ২৮ জুলাইত সামৰণি পৰে। বৰপেটা সত্ৰৰ শাখা সত্ৰ চেকুৰীয়া শাখা সত্ৰৰ নামঘৰত চেকুৰীয়া আৰু মাধপুৰ অঞ্চলক সামৰি প্ৰায় ৮০গৰাকী কিশোৰ-কিশোৰী আৰু চেমনীয়াই ঐতিহাসিক বৰপেটা সত্ৰৰ প্ৰখ্যাত ভোৰতাল নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে গাঁৱৰ সকলো বয়োজ্যেষ্ঠ লোক, পুৰুষ-মহিলা আৰু যুৱকসকলে থিয়নামৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ সংস্কৃতিৰ লগতে পৰৱৰ্তী কালত বৰপেটা সত্ৰৰ নৰহৰি বুঢ়াভকত আৰু মহানন্দ সূত্ৰধাৰৰ দ্বাৰা সৃষ্ট আটকধুনীয়া ভোৰতাল নৃত্যই ইতিমধ্যে দেশজুৰি সমাদৰ লাভ কৰাৰ সময়তে চেকুয়ীয়া শাখা সত্ৰত লোৱা উদ্যোগে প্ৰভূত সমাদৰ লাভ কৰিছে। বৰপেটা শাখা সত্ৰ সমাজৰ তিনিগৰাকী শিল্পী ক্ৰমে নৱ কুমাৰ দাস, অজয় বায়ন আৰু নূপুৰজ্যোতি মেধিয়ে দহ দিন ধৰি চেকুৰীয়া সত্ৰত বাহৰ পাতি প্ৰশিক্ষণ প্ৰদান কৰি ২৮ জুলাইত নামঘৰৰ জনাকীৰ্ণ পৰিৱেশত প্ৰদৰ্শন কৰোৱায়। চেকুৰীয়া শাখা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি থানুৰাম শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাটৰ প্ৰবক্তা নেত্ৰ গগৈয়ে। দহ-বাৰজনীয়া কিশোৰ-কিশোৰীৰ পাঁচটা ভোৰতাল নৃত্যৰ দল আৰু দুটা থিয়নামৰ দলে সুন্দৰকৈ প্ৰদৰ্শন কৰা অনুষ্ঠানৰ পূৰ্বে প্ৰশিক্ষক নৱ কুমাৰ দাস আৰু নূপুৰজ্যোতি দাসক সামূহিক গুৰু সেৱা প্ৰদান কৰাৰ সমান্তৰালকৈ চেকুৰীয়া শাখা সত্ৰৰ যুৱ শিল্পী বিশাল শইকীয়াক প্ৰশিক্ষকদ্বয়ে শাখা সত্ৰৰ সমূহ ভক্ত-বৈষ্ণৱৰ উপস্থিতিত পাঠক হিচাপে দায়িত্ব অৰ্পণ কৰে। চেকুৰীয়া শাখা সত্ৰ সমাজৰ শৰণাচাৰ্য তথা বৰপেটা সত্ৰৰ পৰা সত্ৰভূষণ বঁটাপ্ৰাপক বেণুধৰ শইকীয়া, বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজৰ উপ-সভাপতি প্ৰকাশ শইকীয়া, শাখা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক অজিত শইকীয়া, স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি শৈলেন বৰা, শিক্ষক প্ৰশান্ত বৰা, হৰকান্ত শইকীয়া, খেতেকেশ্বৰ শইকীয়াৰ লগতে গৰিষ্ঠসংখ্যক অভিভাৱক-অভিভাৱিকা, আই-মাতৃ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে।
প্ৰেৰক অজয় শইকীয়া