🔹 বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক
নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ১০ জুন : জামুগুৰিহাটৰ বৰভগীয়া গাওঁ নিৱাসী তথা টেটেলীগুৰি সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মেশ্বৰ মহন্ত (৮৭)ৰ কালি তেজপুৰ মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷ জামুগুৰি বাৰেচহৰীয়া ভাওনা উদযাপন কমিটী, সত্ৰ মহাসভাৰ বিভিন্ন বিষয়বাবত কাৰ্যনিৰ্বাহ কৰা ধৰ্মেশ্বৰ মহন্ত জামুগুৰি বাসুদেৱ থান পৰিচালনা কমিটীৰো সভাপতিৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল ৷ অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ অৱসৰী কৰ্মচাৰী ধৰ্মেশ্বৰ মহন্ত জামুগুৰিহাটৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰে জড়িত থকাৰ লগতে এগৰাকী সুদক্ষ ভাওনা শিল্পীও আছিল ৷ বিশেষকৈ কুম্ভকৰ্ণৰ ভাও তথা অভিনয়েৰে ৰাইজৰ মন মুহিবলৈ সক্ষম হোৱা প্ৰবীণ সমাজকৰ্মী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক ধৰ্মেশ্বৰ মহন্তৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনৰ বিষয়ববীয়া, সদস্যসকলে প্ৰয়াত মহন্তৰ বাসগৃহত উপস্থিত হৈ মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত ধৰ্মেশ্বৰ মহন্তই পত্নী, তিনিগৰাকী কন্যা, নাতি-নাতিনীসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি যায় ৷
প্ৰেৰক হিৰণ্য বৰা