নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : ঐতিহ্যমণ্ডিত কলিয়াবৰৰ শ্ৰীশ্ৰীকৰতিপাৰ ন-সত্ৰৰ সত্ৰাধিকাৰ, বিশ্ব হিন্দু পৰিষদৰ কলিয়াবৰ প্ৰখণ্ডৰ সভাপতি, কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চতিয়াল মৌজাৰ মৌজাদাৰ, কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উপদেষ্টা তথা বিশিষ্ট সমাজকৰ্মী প্ৰবীণ চন্দ্ৰ দেৱগোস্বামীয়ে যোৱানিশা প্ৰায় ৮ বজাত ন-সত্ৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। যোৰহাটৰ তিতাবৰৰ কৰতিপাৰ দাং ধৰা সত্ৰৰো সত্ৰাধিকাৰ হিচাপে আসন অলংকৃত কৰি অহা গোস্বামীয়ে চতিয়াল মৌজাৰো মৌজাদাৰ হিচাপে বিগত ষাঠি বছৰ কাল সেৱা আগবঢ়াই আহিছিল। কিছুদিন পূৰ্বে সহধৰ্মিণী লীনা গোস্বামীক হেৰুওৱা গোস্বামী এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ এগৰাকী পুত্ৰসহ দুগৰাকী বিবাহিত কন্যা-জোঁৱাই, নাতি-নাতিনী, ইষ্ট-কুটুম্বক ইহসংসাৰত এৰি যায়। এওঁৰ মৃত্যুত কলিয়াবৰ জিলা সত্ৰ মহাসভা, সমন্বিত যুৱতীৰ্থ কলিয়াবৰ, শ্ৰীশ্ৰীকৰতিপাৰ ন-সত্ৰৰ ৰাইজৰ লগতে কলিয়াবৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে শোক প্ৰকাশ কৰে।
প্ৰেৰক দিগন্ত মহন্ত