🔹 বিশ্বৰ ১৮খন দেশৰ প্ৰতিনিধি, গৱেষক-পণ্ডিতে দৰ্শন কৰিলে সত্ৰীয়া নৃত্য
বিশেষ বাৰ্তা, মাজুলী, ২৩ ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলিল অসমৰ সত্ৰীয়া সংস্কৃতি। বৈষ্ণৱ সংস্কৃতিৰ ধ্বজা উৰাই সীমাৰ পৰিধি ভাঙি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ কৰি আহিছে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰই। বিশ্বৰ ১৮খন দেশৰ পণ্ডিত গৱেষকৰ সন্মুখত পৰিৱেশন কৰা হ’ল সত্ৰীয়া সংস্কৃতি। গুজৰাটৰ আহমেদাবাদত অৱস্থিত দেশৰ প্ৰথমখন DesignX University হ’ল Anant National University। এই বিশ্ববিদ্যালয়ৰ লগত মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ এক পাৰস্পৰিক সু-সম্পৰ্কৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যৰে International Conference on Indigenous knowledge System and Practices বিষয়ৰ অনুষ্ঠান ২১ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয়। উক্ত আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত এখনি আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰও অনুষ্ঠিত হয়। থলুৱা কলা-সংস্কৃতি, পৰম্পৰাৰ ওপৰত আলোচনাত ভাগ লয় বিশ্বৰ ১৮খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে । উক্ত আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ আলোচনা সত্ৰত ভাগ লয় উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ তথা ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ যাদৱ চন্দ্ৰ বৰা আৰু সত্ৰৰ বৈষ্ণৱ তীৰ্থ ভূঞাই। ২২ ফেব্ৰুৱাৰীৰ সন্ধিয়া বিশ্ববিদ্যালয়ৰ মুকলি মঞ্চত সত্ৰৰ শিল্পীসকলে সত্ৰীয়া বৈভৱ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এক ঘন্টাজোৰা সত্ৰীয়া সাংস্কৃতিক কাৰ্যসূচীত শিল্পীসকলে পৰিৱেশন কৰে পূৰ্বৰংগ গায়ন-বায়ন, সত্ৰীয়া ওজাপালি, দশাৱতাৰ, বৰগীত আৰু গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ৰাসলীলা নৃত্য, শংখচুৰ বধ পৰিৱেশন কৰে। বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ গৱেষক, পণ্ডিত তথা বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক, ছাত্র-ছাত্ৰীসকল উপস্থিত থাকে। গুৰু দুজনাৰ চহকী সংস্কৃতি দৰ্শন কৰি অভিভূত হয় উপস্থিত বিজ্ঞমহল। অনুষ্ঠানত ১৮খন দেশৰ লগতে ভাৰতৰবৰ্ষৰ বিভিন্ন ৰাজ্যৰ গণ্যমান্য ব্যক্তিসকল, বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত বহুকেইটা কাৰ্যসূচী ৰূপায়ণ হয়। উল্লেখযোগ্য যে অনন্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অনুনয় চৌৱে আৰু অধ্যাপক ড০ সুকুমল দেই মাজুলী ভ্ৰমণ কৰি সত্ৰীয়া সংস্কৃতিৰ বৈভৱ দৰ্শন কৰি অভিভূত হৈ এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ আমন্ত্ৰণ জনাইছিল আৰু উক্ত দলটোক উপাচাৰ্যগৰাকীয়ে বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে ভৱিষ্যতে পৰিৱেশ্য কলা বিষয়ত বিদ্যায়তনিক দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ ৬ জনীয়া শিল্পী দলটোত আছিল দলপতি তীৰ্থ ভূঞা, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক তথা পৰিচালক ভৱেন বৰবায়ন, বৈষ্ণৱ শিল্পী তথা সহ: পৰিচালক উপেন বৰগায়ন, ড০ যাদৱ চন্দ্ৰ বৰা, শিল্পী দীপক বৰুৱা, সৰ্বানন্দ দুৱৰীয়া বায়ন। সত্ৰৰ শিল্পীবৃন্দই আন্তঃৰাষ্ট্ৰীয় মঞ্চত সত্ৰীয়া সংস্কৃতিৰ সুবাস বিলাই অসমী আইক ধন্য কৰে। তৃতীয় বৰ্ষৰ বাবে অনুষ্ঠিত উক্ত মহোৎসৱত সুদূৰ ইণ্ডোনেছিয়া, আমেৰিকা, পেৰু, হলেণ্ড, আফ্ৰিকা, অষ্ট্ৰেলিয়া, জাৰ্মানী আদি দেশৰ লগতে ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশ, ৰাজস্থান, মেঘালয়ৰ লগতে অসমক প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ জনায় উত্তৰ কমলাবাৰী সত্ৰক। ৬ জনীয়া বৈষ্ণৱ শিল্পীদলে গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰে। ১৬৭৩ চনতে প্ৰতিষ্ঠিত সত্ৰখনে সত্ৰীয়া সংস্কৃতিৰ বৰ্ণিল শোভাযাত্ৰাৰ জৰিয়তে সত্ৰীয়া সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা বিৰামহীনভাৱে অব্যাহত ৰাখিবলৈ কৰা এয়া ক্ষুদ্ৰ প্ৰয়াস বুলি অভিহিত কৰে।