নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যন্ত্ৰচালিত শালৰ উৎপাদিত বস্ত্ৰৰ বিক্ৰী বন্ধ কৰকঃ শুৱালকুছিত যুৱ ব্যৱসায়ীৰ শিল্প বচাওক অভিযান

বিশেষ বাৰ্তা, ২৮ জুন :: বস্ত্ৰ নগৰী শুৱালকুছিৰ লগতে অসমৰ চৌদিশে যন্ত্ৰচালিত শালৰ বস্ত্ৰৰ পয়োভৰে থলুৱা তথা হস্ততাত বস্ত্ৰ শিল্পৰ শ্মশান যাত্ৰাত ইন্ধন যোগাইছে।ইয়াৰ প্ৰতিৰোধৰ দাবীত শুৱালকুছিৰ শতাধিক যুৱ ব্যৱসায়ীয়ে কালি সন্ধিয়া ৮ বজাত শুৱালকুছিৰ বস্ত্ৰ বিপণীসমুহত উপস্থিত হৈ বিপণীসমুহত যন্ত্ৰচালিত শালৰ বস্ত্ৰৰ লগতে বিদেশী বস্ত্ৰ বিক্ৰী নকৰিবলৈ  অনুৰোধ জনায়। ই কেৱল শুৱালকুছিৰ বস্ত্ৰতে সীমাবদ্ধ নাৰাখি অসমৰ সকলো থলুৱা বস্ত্ৰৰ স্বাভিমান ৰক্ষাৰ বাবে শুৱালকুছিৰ পৰাই জণজাগৰণৰ যাত্ৰা আৰম্ভ কৰা হব বুলি  যুৱ ব্যৱসায়ী সকলে জানিবলৈ দিয়ে । উল্লেখ্য যে চৰকাৰৰ হস্ততাত বস্ত্ৰশিল্প বিভাগৰ ভুল নীতি আৰু এচাম লাভখোৰ ধুৰন্ধৰ বস্ত্ৰ ব্যৱসায়ীৰ হতোৰাত শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ মৃত্যঘন্টা বাজিছে। ছাঁতে  শুকুৱা মুঠিতে লুকুৱা এই ঐতিহ্যমণ্ডিত বস্ত্ৰশিল্পৰ সীমাহীন দুৰ্দশাই শিল্পটোৰ নাজল ন-থল অৱস্হাৰ সৃষ্টি কৰিছে। বিষয় সন্দৰ্ভত বছৰৰ পিছত বছৰ ধৰি ৰাজ্য চৰকাৰৰ বস্ত্ৰ শিল্প বিভাগক অভিযোগ কৰা হৈছিল যদিও বিভাগটোৱে চকুমুদা কুলিৰ ভাওত অৱস্হান কৰাত উদ্যোগটিৰ প্ৰতি ভাবুকিৰ স্‌স্টি হৈছে। এই ক্ষেত্ৰত যুৱ দলটিয়ে ৰাইজক সজাগ হবলৈও আহ্বান জনায়। কিয়নো অসমৰ স্বাভিমান পাট আৰু মুগা  বস্ত্ৰৰ দুৰ্গতি মানে অসমৰ অসমীয়াৰ সাতামপুৰুষীয়া স্বাভিমানৰ বুকুত কুঠাৰাঘাত। সেয়ে অসমৰ বাহিৰত যন্ত্ৰচালিত শালত নিম্নমানৰ সুতাৰে নিৰ্মিত সস্তীয়া বস্ত্ৰ ক্ৰয় কৰি বহিৰাগত বণিকক লাভাম্বিত কৰাৰ বিপৰীতে অসমৰ থলুৱা উদ্যোগ সমুহক ধংসৰ গৰাহলৈ ঠেলি নিদিবলৈও ৰাইজক অনুৰোধ জনায় শুৱালকুছিৰ যুৱ ব্যৱসায়ীৰ দলটিয়ে।

প্ৰেৰক দিলীপ মেধি

You might also like