নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৮ জুনঃ নগাঁৱৰ হয়বৰগাংও আৰক্ষীয়ে আজি বিয়লি অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নগাঁও‌ চহৰৰ সমীপৰ বৰভেটিত স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত অভিযান চলাই ছফিকুল ইছলাম (৪৪)নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰে‌।আৰক্ষীয়ে ইছলামৰ পৰা ৭ভাইল। হেৰ’ইন জব্দ কৰে। হেৰ’ইন খিনিৰ ওজন .৬৪গ্ৰাম।

প্ৰেৰক কনক হাজৰিকা

You might also like