বিশেষ বাৰ্তা, ২ জুন : আইন আয়োগে আইপিচিৰ ধাৰা ১২৪এ ধৰি ৰখাৰ পৰামৰ্শ দিছে। দেশদ্ৰোহৰ সৈতে জড়িত এই আইনখনৰ অপব্যৱহাৰ দেখি উচ্চতম ন্যায়ালয়ে যোৱা বছৰ ইয়াক অকাৰ্যকৰী কৰি তুলিছিল। এতিয়া কেন্দ্রীয় চৰকাৰক দাখিল কৰা প্রতিবেদনত আইন আয়োগে ভাৰতৰ স্থল বাস্তৱতাক বিবেচনা কৰি ধাৰা ১২৪ এ বাতিল কৰা উচিত নহয় বুলি কৈছে৷ ইয়াৰ সমান্তৰালকৈ আয়োগে আইনৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কিছু ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। আইন আয়োগে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালক দাখিল কৰা প্ৰতিবেদনত কয় যে গণতন্ত্ৰত নিৰ্বাচিত চৰকাৰক তীব্ৰ আৰু হিংসাত্মক বিদ্ৰোহৰ পৰা ৰক্ষা কৰিবলৈ এই আইনখনৰ অস্তিত্ব বজাই ৰাখিব লাগে। ভাৰতৰ প্ৰায় সকলো অপৰাধমূলক আইন ব্ৰিটিছ যুগৰ পৰাই আৰম্ভ হৈছে। গতিকে ১২৪এ ধাৰাক কেৱল ঔপনিৱেশিক উত্তৰাধিকাৰ বুলি উলাই কৰাটো সঠিক নহ’ব। এইটো সঁচা যে এই ধাৰাটো ইংৰাজৰ শাসনৰ সময়ত স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত জাপি দিয়া হৈছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়া ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। এই আইন বাতিলৰ ফলত দেশৰ নিৰাপত্তা আৰু অখণ্ডতাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ‘অধিক কঠোৰ আইন ব্যৱহাৰ কৰাটো ভুল হ’ব’। আয়োগে কয় যে ধাৰা ১২৪এৰ অনুপস্থিতিত চৰকাৰৰ বিৰুদ্ধে হিংসাৰ বাবে উচটনি দিয়া ভাষণ বা প্ৰবন্ধৰ বাবে ইউএপিএ বা অন্যান্য কঠোৰ আইনৰ অধীনত বিচাৰ চলাব লাগিব, যিটো ভুল হ’ব। এনে পৰিস্থিতিত আয়োগে পৰামৰ্শ দিছে যে ধাৰা ১২৪এ বাতিল কৰাৰ পৰিৱৰ্তে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। ‘প্ৰাথমিক তদন্তৰ অন্তত এফআইআৰ কৰিব লাগে’। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থীৰ নেতৃত্বত ২২নং আইন আয়োগে প্ৰাথমিক তদন্তৰ অন্ততহে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ পৰামৰ্শ আগবঢ়াইছে। আয়োগে কয় যে পৰিদৰ্শক পদ বা তাৰ ওপৰৰ বিষয়াসকলে দেশদ্ৰোহৰ অভিযোগৰ প্ৰাৰম্ভিক তদন্ত কৰিব লাগে। এই তদন্তৰ পিছত যদি অভিযোগবোৰ প্ৰবল যেন লাগে, তেন্তে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছত গোচৰ ৰুজু কৰা উচিত। লগতে দেশদ্ৰোহৰ শাস্তি ৩ বছৰৰ পৰা ৭ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে আয়োগে। বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। ১০খনতকৈও অধিক আবেদনৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত ১২৪এ ধাৰাক প্ৰত্যাহ্বান জনাইছে। এই আবেদনসমূহত এই আইনখনক মত প্ৰকাশৰ স্বাধীনতাৰ মৌলিক অধিকাৰৰ বিৰুদ্ধে কোৱা হৈছে। আৱেদনকাৰীসকলে কয় যে সৰু সৰু গোচৰতো এই আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। সমগ্ৰ দেশৰ ৰাজ্য চৰকাৰসমূহে এই আইনখন ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক বিৰোধীক দমন কৰি আছে। যোৱা বছৰৰ ১১ মে’ত উচ্চতম ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে আই পি চিৰ ১২৪ এ ধাৰাক সাময়িকভাৱে অকাৰ্যকৰী কৰি তুলিছিল। এই আইনৰ অধীনত কোনো নতুন গোচৰ পঞ্জীয়ন কৰিব নালাগে আৰু ইতিমধ্যে বিচাৰাধীন হৈ থকা গোচৰসমূহত আদালতৰ কাৰ্য্যবিধি বন্ধ কৰিব লাগে বুলি আদালতে কৈছিল। আদালতে কেন্দ্ৰীয় চৰকাৰক এই আইন পুনৰীক্ষণৰ অনুমতি দিছিল। লগতে কোৱা হৈছিল যে চৰকাৰে আইনখন পুনৰীক্ষণ নকৰা সময়লৈকে এই অন্তৰ্ৱৰ্তীকালীন ব্যৱস্থা বলবৎ থাকিব।