নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা দুদিনীয়াকৈ নাটমণ্ডল পাঠশালাৰ শিশু নাট সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ পাঠশালাৰ অন্যতম অপেছাদাৰী নাট্যগোষ্ঠী নাটমণ্ডল পাঠশালাৰ ২৬সংখ্যক বাৰ্ষিক শিশু নাট কৰ্মশালা উপলক্ষে কাইলৈ আৰু পৰহি দুদিনীয়াকৈ নাটমণ্ডলৰ ব্ৰজনাথ শৰ্মা নাটঘৰত অনুষ্ঠিত হব শিশু নাট সমাৰোহ৷ উল্লেখ্য যে যোৱা ১ জুলাইৰ পৰা ৩০ দিনীয়াকৈ নাটমণ্ডল, পাঠশালাই আয়োজন কৰা শিশু নাট কৰ্মশালা আৰু চলচিত্ৰৰ অ-আ-ক-খ শীৰ্ষক প্ৰশিক্ষণত অংশগ্রহণ কৰা প্ৰায় শতাধিক শিশু, কিশোৰ আৰু যুৱক যুৱতীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপক নাট্যকাৰ, পৰিচালক, অভিনেতা নিতুন কুমাৰ মেধিৰ ৰচনা পৰিচালনাৰ শিশু নাট “আঙুলি পোৰা অভিযান”ত অভিনয় কৰিব। কালি পুৱা নাটমণ্ডল পাঠশালাৰ পতাকা উত্তোলন কৰিব নাটমণ্ডলৰ সভাপতি শ্ৰীপদ চৌধুৰীয়ে। ইয়াৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব বিশিষ্ট শিল্পী প্ৰমোদ ৰয়ে। আবেলি স্থানীয় বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে নাট্য সন্ধ্যা উদ্বোধন কৰাৰ পিছত সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ সম্পাদনাত প্ৰকাশ পাব লগা নাটমণ্ডলৰ বাৰ্ষিক মুখপাত্র “নাট্যগল্প” উন্মোচন কৰিব বজালী জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাই। উক্ত অনুষ্ঠানত বজালী জিলা উন্নয়ন আয়ুক্ত মানস দাস, জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, বজালী ৰাজহ চক্র বিষয়া কাকুমনি শইকীয়া, বিশিষ্ট শিক্ষাবিদ হেমন্ত কুমাৰ শৰ্মা, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ, ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক মানস কলিতা সমন্বিতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
প্ৰেৰক কল্যাণ কলিতা

You might also like