নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা খুলিব শিক্ষানুষ্ঠান… শিক্ষামন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ সুদীর্ঘ ছমাহ পিছত সোমবাৰৰ পৰা আংশিকভাৱে খোল খাব শিক্ষানুষ্ঠানৰ দুৱাৰ৷ ৫০ শতাংশ শিক্ষক–শিক্ষয়িত্রীৰ উপস্থিতিৰে পৰীক্ষামূলকভাৱে ক’ভিড প্রট’কল অনুসৰি নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ শিক্ষানুষ্ঠানত পাঠদান চলোৱাৰ ব্যৱস্থা কৰা হৈছে৷

দেশৰ লগতে অসমতো ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ শিক্ষানুষ্ঠানত পাঠদানত অংশগ্রহণ কৰিব বিচৰা ছাত্র–ছাত্রীসকলে অভিভাৱকৰ পৰা লিখিত আপত্তিবিহীনতাৰ অনুমতি লৈহে শিক্ষানুষ্ঠানলৈ আহিব পাৰিব৷

এই সম্পর্কত কালি গুৱাহাটীত সাংবাদিকৰ আগত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অভিভাৱকে শিক্ষানুষ্ঠানলৈ অহাৰ অনুমতি দিয়া ছাত্র–ছাত্রীসকলহে ক্লাছলৈ আহিব পাৰিব৷ অভিভাৱকে শিক্ষানুষ্ঠানলৈ নপঠিওৱা ছাত্র–ছাত্রীসকলে পূর্বৰ দৰে অনলাইনযোগে ঘৰতে থাকি শিক্ষাগ্রহণ কৰিব পাৰিব৷

তদুপৰি পৰিয়ালৰ আন কোনো লোকৰ জৰিয়তেও পাঠগ্রহণ কৰিব পাৰিব৷ ছাত্র–ছাত্রীসকলে নামভর্তি কৰা শিক্ষানুষ্ঠানৰ পৰিৱর্তে ঘৰৰ কাষতে থকা আন শিক্ষানুষ্ঠান, কলেজ আদিতো পাঠগ্রহণ কৰিব পাৰিব৷ আনহাতে, অহা সোমবাৰৰ পৰা শিক্ষানুষ্ঠানৰ দুৱাৰ খোল খাব যদিও ছাত্রাৱাস, ছাত্রী নিৱাসসমূহ এতিয়াই খোলা নহয় বুলি মন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷

এই সম্পর্কত মন্ত্রী ড০ শর্মাই কয় যে ছাত্রাৱাস, ছাত্রী নিৱাসত থাকি অধ্যয়ন কৰা ছাত্র–ছাত্রীসকলে ঘৰৰ কাষতে থকা গাঁৱৰ কলেজ, স্কুলত পাঠগ্রহণ কৰিব পাৰিব৷

You might also like