নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চমৰ পৰা অষ্টম শ্রেণীলৈ মুকলি পথাৰ–প্রেক্ষাগৃহত হ’ব পাঠদান

এক ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ প্রস্তাৱিত নির্দেশনা

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ শিক্ষা বিভাগে প্রস্তাৱিত নির্দেশনা জাৰি কৰিছে৷ আজি বিভাগটোৱে আনুষ্ঠানিকভাৱে জাৰি কৰা নির্দেশনা অনুসৰি ছাত্র–ছাত্রীসকলে বিদ্যালয় বা মহাবিদ্যালয়ত উপস্থিত থাকি শিক্ষা গ্রহণ কৰাটো বাধ্যতামূলক নহ’ব৷ ইচ্ছুক ছাত্র–ছাত্রীসকলে নিজৰ শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীৰ লগত আগতীয়াকৈ যোগযোগ কৰিব লাগিব আৰু মাস্ক পৰিধান কৰি, নূ্যনতম ৮ ফুটৰ দূৰত্ব বজাই ৰাখি শ্রেণীত উপস্থিত থাকিব পাৰিব৷ আনহাতে, অহা ১ ছেপ্টেম্বৰৰ পৰা প্রতিগৰাকী শিক্ষক–শিক্ষয়িত্রী নিজৰ নিজৰ শিক্ষানুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক৷ অৱশ্যে সকলো শিক্ষকেই অহা ২৩ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত নিজৰ নিজৰ ছোৱাব টেষ্ট কৰাব লাগিব৷ ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ আহিলেহে তেওঁলোকক পাঠদান কৰিবলৈ দিয়া হ’ব৷ ইফালে, পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ ছাত্র–ছাত্রীসকলৰ পাঠদান হ’ব মুকলিত৷ শিক্ষাদান কৰিবলগীয়া স্থানসমূহ স্থানীয় ৰাইজ আৰু পঞ্চায়ত কর্তৃপক্ষই পৰিষ্কাৰ কৰি ৰাখিব লাগিব৷ শিক্ষানুষ্ঠানসমূহো ১৫ দিনৰ মূৰে মূৰে ছেনিটাইজ কৰা হ’ব৷ পাঠদান সম্পর্কীয় নির্দেশনাত কোৱা হৈছে যে প্রথমমানৰ পৰা চতুর্থমানলৈ ছাত্র–ছাত্রীসকলে ঘৰত বহিয়ে শিক্ষা গ্রহণ কৰিব আৰু ঘৰৰ পৰাই পৰীক্ষাত অৱতীর্ণ হ’ব৷ মধ্যাহ্ণ ভোজনৰ ৰেচন বিতৰণ কৰাৰ সময়ত শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে অভিভাৱকৰ হাতত তুলি দিব প্রশ্ণকাকত আৰু গৃহকার্য৷ ছাত্র–ছাত্রীসকলে নিজৰ ঘৰতে প্রশ্ণোত্তৰ লিখিব আৰু অভিভাৱকে সেয়া আনি শিক্ষকক দিব৷ ইফালে, পঞ্চমৰ পৰা অষ্টম শ্রেণীৰ ছাত্র–ছাত্রীসকলক বিদ্যালয়ৰ ওচৰত থকা মুকলি ঠাই বা প্রেক্ষাগৃহত পাঠদান কৰা হ’ব৷ একোটা শ্রেণীত সর্বাধিক ১৫জনকৈ ছাত্র–ছাত্রী উপস্থিত থাকিব পাৰিব৷ এটা শাখাক প্রতিদিনে ৯০ মিনিটৰ পৰা ১২০ মিনিট পাঠদান কৰা হ’ব৷ এদিনত ২–৩টা বেটছকহে পাঠদান কৰা হ’ব বুলি প্রস্তাৱিত নির্দেশনাত কোৱা হৈছে৷ ইফালে, নৱমৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলে নিজৰ ঘৰৰ ওচৰত যিকোনো বিদ্যালয়তে শিক্ষা গ্রহণ কৰিব পাৰিব৷ এইক্ষেত্রত ছাত্র বা ছাত্রীগৰাকী নির্দিষ্ট বিদ্যালয়খনৰ আনুষ্ঠানিক শিক্ষার্থী নহ’লেও হ’ব৷ একেদৰে অৱসৰপ্রাপ্ত শিক্ষকেও নির্দিষ্ট বিদ্যালয়ৰ মুৰব্বীৰ লগত যোগাযোগ কৰি শিক্ষাদান কৰিব পাৰিব বুলি নির্দেশনাটোত কোৱা হৈছে৷ ইচ্ছুক ছাত্র–ছাত্রীসকলে আগতীয়াকৈ ওচৰৰ বিদ্যালয়ৰ লগত যোগাযোগ কৰি তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ দেওবাৰ বাদ দি সপ্তাহৰ আন দিনকেইটাত দুটাকৈ শাখাত পাঠদান কৰা হ’ব৷ প্রস্তাৱিত নির্দেশনা অনুসৰি সোমবাৰ আৰু শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ নৱম শ্রেণীৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ দশম শ্রেণীৰ, সোমবাৰ আৰু শুকুৰবাৰে দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ একাদশ শ্রেণীৰ আৰু মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰে দুপৰীয়া ১ বজাৰ ৪ বজালৈ দ্বাদশ শ্রেণীৰ পাঠদান কৰা হ’ব৷ একোটা শ্রেণীক ৪৫ মিনিটকৈ শিক্ষাদান কৰা হ’ব৷ ৰুটিন প্রস্তুত কৰিব শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে৷ আনহাতে, মহাবিদ্যালয়সমূহত্ অধ্যয়ন কৰি থকা একাদশ, দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রী আৰু স্নাতক চূড়ান্ত শাখাৰ ছাত্র–ছাত্রীৰ ক্ষেত্রতো একেই নিয়ম প্রযোজ্য হ’ব৷ এইক্ষেত্রত ৰাইজৰ মতামত গ্রহণৰ পাছত সংশ্লিষ্ট বিভাগে চূড়ান্ত গাইডলাইন প্রকাশ কৰিব৷ অভিযান্ত্রিক মহাবিদ্যালয়সমূহৰ্ বাবে ৰাজ্য চৰকাৰৰ কাৰিকৰী শিক্ষা বিভাগে আৰু চিকিৎসা মহাবিদ্যালয়সমূহৰ্ বাবে চিকিৎসা শিক্ষা সঞ্চালকালয়ে চূড়ান্ত গাইডলাইন প্রকাশ কৰিব৷ উল্লেখ্য যে শিক্ষা বিভাগৰ পৰা প্রকাশ কৰা এয়া প্রস্তাৱিত নির্দেশনাৱলীহে৷ এই নির্দেশা সন্দর্ভত অহা ২০ আগষ্টৰ ভিতৰত[email protected]ত সকলোৱে নিজৰ মতামত জনাব পাৰিব৷ তাৰ পাছতহে শিক্ষানুষ্ঠান পুনৰ মুকলি কৰা সন্দর্ভত চূড়ান্ত গাইডলাইন প্রকাশ কৰা হ’ব৷ উক্ত গাইডলাইন চৰকাৰী আৰু বেচৰকাৰী উভয় বিদ্যালয়ৰ ক্ষেত্রত প্রযোজ্য হ’ব৷
নতুন শিক্ষা নীতিক আদৰণি শিক্ষাবিদ–শিক্ষার্থীৰ
নতুন ৰাষ্ট্রীয় শিক্ষা নীতিক আদৰণি জনাইছে ৰাজ্যৰ শিক্ষাবিদ আৰু শিক্ষার্থী সমাজে৷ এই নতুন শিক্ষা নীতিক তেওঁলোকে ৰাজ্যৰ শৈক্ষিক খণ্ডৰ বাবে আশাৰ কিৰণ বুলি অভিহিত কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তই এই প্রসংগত কয়– এক বিকশিত ৰাজ্যত শিক্ষা আৰু স্বাস্থ্যই সদায় অগ্রাধিকাৰ পোৱাটো উচিত৷ নতুন শিক্ষা নীতিয়ে শিক্ষাৰ মান বৃদ্ধিৰ ক্ষেত্রত আশা কঢ়িয়াই আনিছে৷ কিয়নো এই নতুন শিক্ষা নীতিৰ জৰিয়তে জিইআৰ বর্তমানৰ ২৬.৩ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে৷ তদুপৰি এই নীতিয়ে শিক্ষা সমাপ্ত কৰাৰ কেইবাটাও পথ দিছে৷ যাৰ বাবে লাখ লাখ শিক্ষার্থীয়ে মূল্যৱান সময় বচোৱাৰ সুযোগ লাভ কৰিব৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজনেছ এডমিনিষ্ট্রেচনৰ অধ্যাপক শুভ্রাংশু শেখৰ সৰকাৰে এই প্রসংগতে কয় যে অস্নাতক পাঠ্যক্রমত শিক্ষার্থীয়ে জিৰণি লোৱাৰ অৱকাশ আছে৷ তদুপৰি নির্দিষ্ট সময়ৰ ভিতৰত পুনৰ শৈক্ষিক জীৱনলৈ উভতি পূর্বৰ পাঠ্যক্রমত আর্জিত ক্রেডিট নেহেৰুৱাকৈ অব্যাহত ৰাখিব পাৰে৷ অস্নাতক পাঠ্যক্রমৰ অধীনত প্রতিবছৰে প্রমাণপত্র দিয়াৰো ব্যৱস্থা গ্রহণ কৰা হৈছে৷

You might also like