নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাৰ সলনি এইবাৰ জজ ফিল্ডত হ’ব ৰাজ্যিক অনুষ্ঠান

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ আগন্তুক স্বাধীনতা দিৱসৰ ৰাজ্যিক কার্যসূচী খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰিৱর্তে জজ ফিল্ডত অনুষ্ঠিত হ’ব৷ সম্প্রতি খেলপথাৰখনত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ বাবে কেন্দ্রীয় কার্যসূচী জজ ফিল্ডলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷  এই সন্দর্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি স্বাধীনতা দিৱসৰ কেন্দ্রীয় কার্যসূচীৰ স্থান স্থানান্তৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে জজ ফিল্ডত এই কার্যসূচী অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰিছে৷ ইয়াৰ লগে লগে কেন্দ্রীয় কার্যসূচীৰ বাবে জজ ফিল্ডত প্রস্তুতি আৰম্ভ কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে৷ ইপিনে, সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আগন্তুক স্বাধীনতা দিৱসৰ কার্যসূচী উদ্যাপনৰ ক্ষেত্রত কেতবোৰ গুৰুত্বপূর্ণ নীতি–নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে৷ ৰাজ্যিক, জিলা আৰু মহকুমা পর্যায়ত এই নীতি–নির্দেশনাসমূহ কার্যকৰী হ’ব৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ স্বাধীনতা দিৱসৰ কার্যসূচী সীমিত কৰাৰ লগতে ব্যাপক জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ৰাজ্যিক পর্যায়ত মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰাৰ লগতে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ অভিবাদন গ্রহণ কৰিব৷ এইবেলি স্কুল, কলেজৰ শিক্ষার্থী, ৰাষ্ট্রীয় শিক্ষার্থী বাহিনী (এন চি চি) আৰু স্কাউট–গাইডৰ অংশগ্রহণ বাৰণ কৰা হৈছে৷ স্বাধীনতা দিৱসৰ কার্যসূচীসমূহত অংশগ্রহণ কৰা লোকসকলে স্বাস্থ্য সম্পর্কীয় বিধিসমূহ অনুসৰণ কৰাৰ লগতে সামাজিক ব্যৱধান মানি চলা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ স্বাধীনতা দিৱসৰ মঞ্চ, বত্তৃণতা, পতাকা দণ্ড, চকী আৰু অন্যান্য সা–সামগ্রী ছেনিটাইজ কৰা হ’ব৷ উদ্যাপনস্থলীসমূহত্ থাকিব হাত ধোৱাৰ বাবে স্থান আৰু ছেনিটাইজৰ ব্যৱস্থা৷ থার্মেল স্ক্রীনিং অবিহনে উদ্যাপনস্থলীত কোনো লোকক প্রৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব৷ আনহাতে, স্বাধীনতা দিৱসৰ কার্যসূচী উদ্যাপনৰ সৈতে জড়িত কৰিবলগীয়া শ্রমিক অথবা অন্যান্য লোকৰ ক’ভিড–১৯ৰ পৰীক্ষা আগতীয়াকৈ কৰা হ’ব৷ নিগেটিভ অহা লোকসকলকহে এই কামত জড়িত কৰা হ’ব৷ একেদৰে উদ্যাপনৰ কার্যসূচীসমূহ চোৱাচিতাৰ বাবে নিয়োজিত চৰকাৰী নিৰীক্ষক আৰু সংশ্লিষ্ট নিৰাপত্তা বাহিনীৰো আগতীয়াকৈ ক’ভিড–১৯ৰ পৰীক্ষা কৰা হ’ব৷ ৰাজ্যিক পর্যায়ৰ লগতে জিলা পর্যায়সমূহতো অনুৰূপ সাৱধানতা অৱলম্বন কৰিব লাগিব৷ ইফালে, ক’ভিড–১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত আগশাৰীৰ পৰা নেতৃত্ব দিয়া চিকিৎসক, চিকিৎসা কর্মী, ছেনিটেচন কর্মী আদিক কৃতজ্ঞতাৰ চিনস্বৰূপে স্বাধীনতা দিৱসৰ কার্যসূচীলৈ বিশেষভাৱে আমন্ত্রণ জনোৱা হ’ব৷ তদুপৰি ক’ৰোনাৰ পৰা আৰোগ্য লাভ কৰা কেইবাগৰাকী ব্যক্তিকো এই অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হ’ব৷ এইবাৰ স্বাধীনতা দিৱসত কোনোধৰণৰ সাংস্কৃতিক কার্যসূচী আৰু ক্রীড়া অনুষ্ঠান অনুষ্ঠিত কৰা নহ’ব৷ সেইদৰে স্বাধীনতা দিৱসৰ কার্যসূচীত অনুষ্ঠিত নহ’ব বঁটা প্রদান কার্যসূচী৷ এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে বঁটাপ্রাপকৰ নাম ঘোষণা কৰা হ’ব যদিও বঁটাপ্রাপকসকলৰ বঁটাসমূহ জিলা উপায়ুক্তৰ জৰিয়তে তেওঁলোকৰ স্বগৃহত প্রদান কৰা হ’ব৷ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কার্যসূচীত দুপৰীয়াৰ আহাৰ, চাহ, জলপান বা আপ্যায়নৰ কোনো ব্যৱস্থা নাথাকিব৷ স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্রহণ কৰিবলগীয়া ব্যক্তিৰ প্রৱেশ আৰু প্রস্থানৰ বেলিকাও মানি চলিব লাগিব সামাজিক দূৰত্ব৷ গর্ভৱতী মহিলা, একাধিক লোক আৰু বা উপসর্গত আক্রান্ত ৰোগী আৰু ১০ বছৰৰ তলৰ শিশুক এই দিৱসৰ কার্যসূচীত অংশগ্রহণ নকৰাই উচিত বুলি বিবেচনা কৰা হৈছে৷ দেশৰ স্বাধীনতা সংগ্রামৰ সৈতে জড়িত ঐতিহাসিক স্থানত আৰক্ষী, অর্ধসামৰিক বাহিনীৰ বেণ্ডৰ অনুষ্ঠান ৰেকর্ড কৰি পর্দা, ডিজিটেল মাধ্যমৰ জৰিয়তে প্রদর্শন কৰা হ’ব৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ, ডিজিটেল মাধ্যমত আন্তঃস্কুল–কলেজ, তর্ক প্রতিযোগিতা, অনলাইন কুইজ প্রতিযোগিতা, স্বদেশ প্রেম সম্পর্কীয় ৰচনা আদিৰ দৰে কার্যসূচী এন চি চি আৰু নেহৰু যুৱ কেন্দ্র সংগঠনৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব৷ জনসাধাৰণে ঘৰৰ মূধচ, বাৰাণ্ডা আদিত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব পাৰিব৷ স্বাধীনতা দিৱস উদ্যাপনৰ সময়ত জনসাধাৰণক উদ্দেশ্যি ‘আত্মনির্ভৰ ভাৰত’ক মূল বিষয় হিচাপে লৈ বিভিন্ন কার্যসূচী, বার্তা আদি সামাজিক মাধ্যমৰ জৰিয়তে প্রচাৰ কৰিব পাৰিব৷ ৰাজ্যিক পর্যায়ৰ উপৰি প্রতিখন জিলা আৰু মহকুমাতো অনুৰূপ ধৰণে সংশ্লিষ্ট মন্ত্রী, জিলা উপায়ুক্ত, মহকুমাধিপতিয়ে ৰাষ্ট্রীয় সংগীত পৰিৱেশনেৰে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব লাগিব৷ চক্র বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু গাঁও পঞ্চায়তত স্বাস্থ্য বিধি অনুসৰণ কৰি চৰকাৰে প্রদান কৰা নীতি–নির্দেশনাৰ ভিত্তিত স্বাধীনতা দিৱস উদ্যাপন কৰিব লাগিব৷

You might also like