নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : মৰিগাঁৱৰ লাহৰীঘাটত এখন বিদ্যালয়ৰ আজৱ কাণ্ড। চৰকাৰী নিৰ্দেশনা নামানে এখন বিদ্যালয়ৰ প্ৰধানে। লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বালিডোংগা লাল বাহাদুৰ শাস্ত্ৰী মাধ্যমিক বিদ্যালয়ত আজি বন্ধ দি পালন কৰিলে শংকৰদেৱৰ তিৰোভাৱ তিথি। আজি কোনো চৰকাৰী বন্ধ নথকাৰ পিছতো বন্ধ হৈ আছে বিদ্যালয়খন। বিদ্যালয়খন বন্ধ দিছে শংকৰদেৱ তিৰোভাৱ তিথিৰ বাবে। চৰকাৰে শংকৰদেৱৰ তিৰোভাৱ তিথিৰ বন্ধ পৰিবৰ্তন কৰিছে যদিও এই খন বিদ্যালয়ে চৰকাৰী নিৰ্দেশনা সম্পূৰ্ণৰূপে উলংঘা কৰি আজি শংকৰদেৱ তিৰোভাৱ তিথিৰ বন্ধ দিলে বিদ্যালয় প্ৰধানে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাহাৰুল ইছলামে চৰকাৰী নিৰ্দেশনাক উলংঘা কৰি নিজৰ খেয়াল খুচি মতে বিদ্যালয় পৰিচালনা কৰে বুলি পূৰ্বেৰে পৰা অভিযোগ উত্থাপন হৈ আহিছে। প্ৰধান শিক্ষকৰ নিজৰ মইমতালিৰ বাবে বিদ্যালয় খনৰ শ শ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা বৰ্ষৰ এটা দিন নষ্ট হবলগা হোৱা ঘটনাই অভিভাৱক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰী নিৰ্দেশনাক উলংঘা কৰি বিদ্যালয় খন বন্ধ দিয়া কাৰ্যক স্হানীয় ৰাইজে সহজভাৱে লব পৰা নাই ।শিক্ষা বিভাগে এই প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষণীয় হব।
প্ৰেৰক আবুল কালাম