নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত বিজ্ঞান মেলা

🔹 ৫৫ হাজাৰ বৰ্গফুট এলেকাত ৫০০ কোটিতকৈও অধিক মূল্যৰ সামগ্ৰী প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : অসমীয়া ভাষা-সাহিত্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানৰূপে পৰিচিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনে প্ৰথমবাৰৰ বাবে এক নতুন ইতিহাসৰ সৃষ্টিৰে সূচনা কৰিব বিজ্ঞান মেলা৷ সচৰাচৰ অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰত্যক্ষ কৰি অহা বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান আৰু সাহিত্যৰ মাজত যোগসূত্ৰ স্থাপনৰ উদ্দেশ্যে এইবেলি অনুষ্ঠিতব্য বিজ্ঞান মেলাখন উছৰ্গা কৰা হ’ব ৰে’লৰ বাবে ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বলৈ অনবদ্য অৱদান আগবঢ়োৱা বৰপেটাৰ সুযোগ্য সন্তান বিশিষ্ট বিজ্ঞানী কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ নামত৷ আজি পাঠশালা সাহিত্য সভা ভৱনত বিজ্ঞান প্ৰদৰ্শনী উপ-সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদ মেলৰ আঁত ধৰি অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিক কুমাৰ দাসে পাঠশালা অধিৱেশনত বিজ্ঞান মেলাই কিদৰে প্ৰসাৰতা পাব, সেই সন্দৰ্ভত ব্যক্ত কৰে৷ বিজ্ঞান প্ৰদৰ্শনী মেলা উপ-সমিতিৰ সভাপতি ড° হিৰণ্য কুমাৰ শৰ্মা, কাৰ্যকৰী সভাপতি ড৹ ৰূপম পাটগিৰি, সম্পাদকদ্বয় ড৹ উপকুল মহন্ত আৰু ড° কৌস্তুভমণি পাটোৱাৰীৰ উপস্থিতিত সংবাদ মেলখনত আদৰণী সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে প্ৰায় ৫৫ হাজাৰ বৰ্গফুট এলেকা আগুৰা এই বিজ্ঞান মেলাত ৫০০ কোটিতকৈও অধিক মূল্যৰ সামগ্ৰী প্ৰদৰ্শিত হব৷ ইয়াৰ ভিতৰত প্ৰায় ৯০০ বৰ্গফুট এলেকাত ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ অন্তৰ্গত ভাৰতীয় সেনাৰ সকলো প্ৰকাৰৰ অস্ত্ৰ প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰৰ বিৱৰ্তনৰ প্ৰদৰ্শনী থাকিব, যি প্ৰদৰ্শনী হয়তো অসমৰ কোনো ঠাইতে অদ্যাপি হোৱা নাই৷ দুটাকৈ তাৰকাগৃহ থাকিবলগীয়া বিজ্ঞান মেলাত ২২খনকৈ বিপণী সন্নিৱিষ্ট কৰা হ’ব৷ অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় তেল শোধনাগাৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী তেল শোধনাগাৰ, আৰণ্যক এনজিঅ’, আগাষ্ট্যা এনজিঅ’, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেচন চেণ্টাৰ, ভট্টদেৱ বিশ্ববিদ্যালয়, এন ই ছায়েঞ্চ মুভমেণ্ট, জল পৰিবহণ বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, ASTEC, বায়’টেক পাৰ্ক আৰু ষ্টেট স্পেচ চেণ্টাৰ, IASST, ভাৰতীয় সেনা, ঔষধি উদ্ভিদ, বোম্বে নেচাৰেল হিষ্ট’ৰী ছোচাইটি, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰকে আদি কৰি কেবাটাও অনুষ্ঠানৰ দ্বাৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব৷ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অহা ৩১ জানুৱাৰীত উদ্বোধন কৰিবলগীয়া এই বিজ্ঞান মেলাৰ মঞ্চখনৰ নামকৰণ কৰা হ’ব পদ্মশ্ৰী বিৰুবালা ৰাভাৰ নামেৰে৷ যি মঞ্চত প্ৰতিদিনে আয়োজন কৰা হ’ব কেইবাটাও বিজ্ঞান বিষয়ক বক্তৃতানুষ্ঠানৰ৷ ইয়াৰে ৩১ জানুৱাৰীৰ আবেলি ৩.৩০ বজাত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে উন্মোচন কৰিবলগীয়া পদ্মশ্ৰী বিৰুবালা ৰাভা মঞ্চত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকাই উন্মোচন কৰিবলগীয়া ৰাধানাথ ফুকন স্মাৰক বক্তৃতানুষ্ঠানত “বিজ্ঞানৰ ঈশ্বৰ আৰু ধৰ্মৰ বিজ্ঞান” বিষয়ত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ড° মৃত্যুঞ্জয় গুহ মজুমদাৰ৷ ১ ফেব্ৰুৱাৰীৰ আবেলি “গাণিতিক সৌন্দৰ্য : সাহিত্যৰ পৰিভাষাত অনুভৱৰ সম্ভাৱনা” শীৰ্ষক কামেশ্বৰ দাস স্মাৰক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব আই আই টি গুৱাহাটীৰ অধ্যাপক অনুপম শইকীয়াই৷ ২ ফেব্ৰুৱাৰীত ড° নয়নজ্যোতি দাসে উন্মোচন কৰিবলগীয়া “সাহিত্যই উম দিয়া মানৱদৰদী চিকিৎসক” শীৰ্ষক ডা° ৰজনীপ্ৰভা শইকীয়ানী স্মাৰক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট চিকিৎসক, সাহিত্যিক ডা° শুভ্ৰকিংকৰ গোস্বামীয়ে৷ ৩ ফেব্ৰুৱাৰীত মানস কুমাৰ চক্ৰৱৰ্তীয়ে উন্মোচন কৰিবলগীয়া “বিদেশত আপোন বিজ্ঞানী” শীৰ্ষক কৰুণা সাগৰ দাস স্মাৰক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট বিজ্ঞানী ড° ভাস্কৰ চৌধুৰীয়ে৷ ৪ ফেব্ৰুৱাৰীত সৌৰভ কুমাৰ চলিহা স্মাৰক বক্তৃতানুষ্ঠানত “বিজ্ঞানে গঢ়া সাহিত্যক” শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব সাহিত্য অকাডমি পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷ এই বিজ্ঞান মেলাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব৷ অসম সাহিত্য সভাৰ অধিৱেশনৰ  ইতিহাসত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বিজ্ঞান মেলাই সভাক এক নতুনত্ব প্ৰদান কৰিব বুলি আজিৰ সংবাদ মেলযোগে সদৰী কৰি সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক এই বিজ্ঞান মেলা চোৱাৰ বাবে আহ্বান জনাইছে ৰঞ্জিত কুমাৰ দাসে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like