নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰুকাৰ বজাৰ হৈ গ’ল আৰু… ভালদৰে উৰুকাৰ এসাঁজ খাম

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী : নগাঁও জিলাৰ ৰহাৰ নিকটৱৰ্তী আমনিশালীৰ ভাস্কৰ্যশিল্পী ভগৱান সেনাপতিৰ ভেলাঘৰত আজি উপস্থিত হ’য় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। আজি দুপৰীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰহাৰ আমনিশালীৰ ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিয়ে নৰাখেৰ, বাঁহ আদিৰে নিৰ্মাণ কৰা ভেলাঘৰত উপস্থিত হৈ শিল্পী গৰাকীৰ সৈতে বাৰ্তালাপত মিলিত হয়। উল্লেখ্য যে, ৰাজ্যত বিলুপ্তপ্ৰায়ী দেওহাঁহ, বৰটোকোলা, বগলী,ফেঁচা আদি বন্যপক্ষীবোৰক সুৰক্ষিত কৰিবলৈ আহ্বান জনাই নৰাখেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা আৰ্হি ভেলাঘৰ দেখি আপ্লুত হৈ পৰে মুখ্যমন্ত্ৰী গৰাকী। শিল্পী গৰাকীৰ এনে প্ৰচেষ্টাক শলাগ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শিল্পী গৰাকীৰ ব্যতিক্ৰমী বিষয়বস্তুবোৰ গুৰুত্ব সহকাৰে বুজ লয় আৰু ইয়াৰ বাবে শিল্পী গৰাকীৰ সকলো কষ্টক স্বীকাৰ কৰি প্ৰশংসা কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ লগে লগে স্থানীয় বহু সংখ্যক লোক উপস্থিত হৈ আদৰণি জনাই। লগতে স্থানীয় বিভিন্ন ৰাইজে ভেগালী বিহুৰ উৰুকাৰ বাবে ৰৌ মাছ, বৰালী মাছ, কোমোৰা, জাতিলাও আদিও উপহাৰ হিচাপে আগবঢ়াই। মুখ্যমন্ত্ৰী গৰাকীয়ে উপহাৰ গ্ৰহণ কৰি আনন্দিত হৈ “উৰুকাৰ বজাৰ হৈ গ’ল আৰু ভালদৰে উৰুকাৰ এসাঁজ খাম” বুলিও মন্তব্য কৰে। অন্যহাতে মুখ্যমন্ত্ৰী গৰাকীক কাষতে পাই চেলফি উঠিবলৈ হেতা ওপৰা লগাই বিভিন্নজনে। পুৰুষ, মহিলা, কণমানি-ছাত্ৰ-ছাত্ৰীয়েও চেলফি উঠিবলৈ তৎপৰ হৈ পৰে। তাকে দেখি মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে আগবাঢ়ি গৈ নিজে চেলফি উঠিলে শিশু, মহিলা সকলৰ লগত। উল্লেখ্য যে, বিগত ২০১৪ চনৰ পৰা শিল্পী ভগৱান সেনাপতিয়ে স্থানীয় ৰাইজৰ সহযোগত নৰা আৰু বাঁহেৰে বীণা, টাইটানিক, ৰংঘৰ, গঁড় বচাওক, প্ৰকৃতি সংৰক্ষণ কৰক, শান্তিৰ কপৌ, কৰ’না ভাইৰাছ আদিৰ ব্যতিক্ৰমী বিষয় লৈ প্ৰতি বছৰে ভেলাঘৰৰ আৰ্হিৰে নিৰ্মাণ কৰি আহিছে। পূৰ্বৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথৰ কাষতে পথাৰত নিৰ্মাণ কৰা প্ৰায় ১০০ ফুট দৈৰ্ঘ আৰু ৭০ ফুট বহল গীতাৰৰ ওপৰত নিৰ্মাণ কৰা দেওহাঁহ, বৰটোকোলা, বগলী আদি চৰাই নিৰ্মাণ কৰি বন্যপক্ষীকুলক সুৰক্ষিত কৰাৰ আহ্বানেৰে সকলোকে আকৰ্ষিত কৰিছে। অন্যহাতে মধ্য অসম তথা অসমীয়াৰ হিয়াৰ আমঠু, বাপতি সাহোন ভোগালী বিহুৰ জাতীয় পৰম্পৰাগত ম’হ যুঁজক উচ্চ ন্যায়ালয়ে বন্ধ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কি পদক্ষেপ হ’ব সেই বিষয়ে সুধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়ে আদালতত আবেদন জনোৱা হৈছে বুলি মন্তব্য কৰে।

প্ৰেৰক ভৱজয় ডেকা

You might also like