বাৰ্তা ব্যুৰ, ২৫ ছেপ্টেম্বৰঃ গোৱালপাৰাৰ ঐতিহাসিক বুদুচৰ সত্ৰৰ ৰাধা-কৃষ্ণৰ সন্ধানত আজি দ্বিতীয় দিনাও এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলায় যদিও কোনো সুংশুত্ৰ লাভ কৰিবলৈ সক্ষম নহল ৰাধা-কৃষ্ণৰ ৷ উল্লেখ্য যে সত্ৰত চুৰিকাণ্ড সংঘটিত কৰা চোৰ দলে আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত বৰলুইতৰ বুকুত চলিছে এই অভিযান ৷ যোৱা ২০ ছেপ্টেম্বৰৰ নিশা সত্ৰৰ মনিকূটৰ দৰ্জা ভাঙি চোৰৰ দলে ২০০ বছৰীয়া ৰাধা-কৃষ্ণৰ মূৰ্তিৰ লগতে বহু মূল্যবান সা-সামগ্ৰী চুৰি কৰিছিল। ইতিমধ্যে চুৰিকাণ্ড সংঘটিত হোৱাৰ দিনাই মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত আৰক্ষীয়ে চুৰিকাণ্ডৰ লগত জড়িত থকা দুই কিশোৰ সহ আন দুজন লোকক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। গ্ৰেপ্তাৰ কৰা চোৰৰ দলটোক লগত লৈ চুৰিকাণ্ডৰ তথ্য বিচাৰি তদন্ত চলাওতে চোৰে চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছদিনাই বুদুচৰ গাঁৱৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ পানীত দলিয়াই পেলাই দিছিল বুলি স্বীকাৰোক্তি দিছিল ৷ চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত বিগত দুদিন ধৰি এছডিআৰএফ বাহিনীয়ে বৰলুইতৰ বুকুত অভিযান চলাইছে যদিও ৰাধাকৃষ্ণৰ মূৰ্তিৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহল ৷ ৰাইজৰ সন্দেহ বালিত পোত খাইছে ৰাধা-কৃষ্ণৰ মূৰ্তিটো। খৰাং বতৰৰ সময়ত বালি খান্দোতে কোনো লোকে মূৰ্তিটো লাভ কৰাৰ আশা প্ৰকাশ কৰিছে ৰাইজে ৷ ইফালে মাটিয়া আৰক্ষীৰ অপ্ৰান চেষ্টাৰ ফলতো ২০০ বছৰীয়া ৰাধাকৃষ্ণৰ মূৰ্তিটো উদ্ধাৰ কৰিব নোৱাৰাত আজিও মৰ্মাহত হৈ আছে বুদুচৰবাসী। আজি এছডিআৰএফে উদ্ধাৰ অভিযান চলোৱাৰ সময়ত সত্ৰত নেদেখাজনৰ ওচৰত শৰানাপন্ন হৈ প্ৰাৰ্থনা জনায়। ৰাইজৰ আশা যাতে ভগবন্তৰ কৃপাত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা সুকলমে উদ্ধাৰ হয় সোন ৰূপৰে নিৰ্মিত ৰাধা-কৃষ্ণৰ মূৰ্তিটো। ইফালে আজি বিয়লি ভাগত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ নিৰ্দেশত মাটিয়া ৰাজহ চক্ৰ বিষয়াগৰাকী সত্ৰখনত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।
প্ৰেক উদিত নাৰায়ণ কলিতা