পুৰণিগুদামত ভ্রমণ বৃত্তান্ত নোহোৱাকৈ ক’ভিড আক্রান্ত দুইঃ যোৰহাটত ১৪৪ ধাৰা জাৰি
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ দেশৰ আন প্রান্তৰ লগতে অসমতো ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ক’ৰোনাৰ দ্বিতীয় লহৰে দেশত আতংক সৃষ্টি কৰাৰ সময়তে অসমৰ ভিন্ন প্রান্তত কেইবাজনো লোক পুনৰ আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷
বিশেষকৈ ভ্রমণ বৃত্তান্ত নোহোৱাকৈ একাংশ লোক আক্রান্ত হোৱাত স্বাভাৱিকতে চিন্তিত হৈ পৰিছে ৰাজ্যবাসী৷ নগাঁৱৰ পুৰণিগুদামৰ দুজন লোকৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছে৷ তদুপৰি গুৱাহাটীৰ লাচিত নগৰত একেটা পৰিয়ালৰ দুজন সদস্য ক’ভিডত আক্রান্ত হৈছে৷ দুয়োজনকে বিৰুবাৰী ক’ভিড হাস্পতালত ভর্তি কৰোৱা হৈছে৷ লাচিত নগৰৰ বি টি কলেজ পথৰ বাসিন্দা আক্রান্ত দুজনৰ এজন আই চি ইউত চিকিৎসাধীন বুলি জানিব পৰা গৈছে৷
ইপিনে, বি টি কলেজ পথৰ এই লোক দুজন আক্রান্ত হোৱাৰ পাছতো অঞ্চলটো ছেনিটাইজ কৰাৰ ব্যৱস্থা নকৰাত প্রশাসনৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছে স্থানীয় ৰাইজে৷
আনহাতে, সোমবাৰে আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রত ৯জন লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ প্রাপ্ত তথ্য অনুসৰি আক্রান্ত লোককেইজন লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন নির্মাণৰ কামত জড়িত৷
বিগত কেইবাদিন ধৰি তেওঁলোক জ্বৰ–কাহত আক্রান্ত হৈ থকাত সোমবাৰে আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রত পৰীক্ষা কৰা হয়৷ আজাৰা স্বাস্থ্যকেন্দ্রত সুবল বণিক, অমিত আর্চাৰী, ৰঞ্জিত কুমো, গোৱাল মণ্ডল আৰু সমীৰ জানেৰ ফলাফল পজিটিভ আহে৷ ইয়াৰ পাছতে তেওঁলোকৰ সংস্পর্শলৈ আন ৮৫গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰোৱা হয়৷
ইয়াৰ ভিতৰত পুনৰ চাৰিজন লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ তেওঁলোক হৈছে মণিকান্ত মণ্ডল, মেঘনাথ হাজৰা, অমিত ৰজক আৰু সুৰজিৎ সামান্তা৷ আক্রান্ত লোককেইজনক কালাপাহাৰস্থিত ক’ভিড হাস্পতালত ভর্তি কৰোৱা হৈছে৷
ইফালে, হাস্পতালখনত যোৰহাটৰ নাছেৰ খাচৰু (৬১) নামৰ এগৰাকী লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটে৷
যোৰহাট জিলাত ১৪৪ ধাৰা জাৰি
ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ আৰু শান্তি–শৃংখলা অব্যাহত ৰখাৰ বাবে যোৰহাট জিলাত ১৪৪ ধাৰা জাৰি কৰিছে জিলা দণ্ডাধীশে৷ সেই অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ সমাৱেশ, লাঠী, তৰোৱাল, ডেগাৰ আদি লৈ ফুৰা, শোভাযাত্রা, প্রতিকৃতি দাহ, অস্ত্র–শস্ত্রৰ প্রশিক্ষণ, দান–বৰঙণি সংগ্রহ, অনাহকত জুম বান্ধি থকা, শ্লোগান দিয়া, বেনাৰ–পোষ্টাৰ, দেৱাল লিখন আদি নিষিদ্ধ কৰা হৈছে৷ এই নিষেধাজ্ঞা আৰক্ষী, সামৰিক বাহিনী, অন্যান্য চৰকাৰী বিষয়া–কর্মচাৰীৰ ক্ষেত্রত প্রযোজ্য নহ’ব৷ ক’ভিড ৰোধৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰা, চাবোনেৰে সঘনাই হাত ধোৱা অথবা ছেনিটাইজ কৰি থকাটো জিলাখনত বাধ্যতামূলক কৰা হৈছে৷
পুনৰ নির্দেশ নিদিয়া পর্যন্ত এই আদেশ বাহাল থাকিব বুলি প্রকাশ কৰিছে যোৰহাট জিলা প্রশাসনে৷ ইফালে অসম–নাগালেণ্ড সীমান্ত, অসমৰ ভিতৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধ এলেকাত সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে৷ অসম–নাগালেণ্ড সীমান্তৰে কিছু সংগঠনৰ লোক গোপনে যোৰহাটত প্রকাশ কৰি সমস্যা সৃষ্টি কৰাৰ বাবে জিলা দণ্ডাধীশে এই সান্ধ্য আইন বলৱৎ কৰে৷