বিশেষ বাৰ্তা, ১৪ জুনঃ “আছুৱে বহু দেৰিকৈ সাৰ পালে। যেতিয়াই বিষয়টো ওলাইছিল তেতিয়াই মই ভাবিছিলোঁ প্ৰথম আপত্তিটো আছুৰ পৰাই আহিব। মই ইয়াৰ বিৰুদ্ধে লগে লগে প্ৰতিক্ৰিয়া অগবঢ়াইছিলো”- বিশিষ্ট সাহিত্যিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াই আজি এনেদৰেই তেওঁৰ ক্ষোভ ব্যক্ত কৰে আছু প্ৰতিনিধিৰ সন্মুখত। তেওঁ পুনৰ কয়- সৌ সিদিনা আছুৱে আন্দোলন কৰিছিল, অৱস্থান ধৰ্মঘট। তাত মাত্ৰ ১৫-২০ জনমানহে ল’ৰা দেখিছিলোঁ। তেনেকৈ আন্দোলন হ’ব পাৰে জানো ? গোটেই জাতিটো জগাবলৈ হ’লে ভিতৰৰ পৰা যদি ভাৱটো নাহে আৰু তাৰ গুৰুত্বটো যদি ভালদৰে নোবোজে তেনেহলে আনক কেনেকৈ বুজাব বুলি অত্যন্ত, দুখ আৰু ক্ষোভ মিশ্ৰিত ভাষাৰে প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াই আজি তেওঁৰ বাসগৃহত উপস্থিত হোৱা সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৱনী গগৈৰ নেতৃত্বত যোৱা খগেন দত্ত, ৰূপজ্যোতি বৰঠাকুৰ সহ ১২ জনীয়া এটি আছুৰ প্ৰতিনিধি দলক ব্যক্ত কৰে। ড° শইকীয়াৰ বৰ্ণমালাত উপস্থিত হৈ চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই চলাই থকা আন্দোলনক সঁহাৰি আৰু পৰামৰ্শ বিচাৰি প্ৰচাৰ পত্ৰিকা প্ৰদান কৰে জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই। ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পাঠদানৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াই পুনৰ কয়- আছু এতিয়া খুউব সৰ্তক হব লাগিব। যথেষ্ট দেৰি হৈছে তথাপিও এতিয়াও আছুৱে জাতিটোক জগাই তুলিব পাৰে। শ্লোগান দিলেই নহ’ব, গোটেই কথাবোৰ যুক্তিসংগতভাৱে নিজেই বুজি ল’ব লাগিব। তেতিয়াহে আনক বা সাধাৰণ মানুহক বুজাব পৰা যাব। ইংৰাজী মাধ্যম হিচাপে নহয়,বিষয় হিচাপে শিকিবই লাগিব।মাতৃভাষা,ৰাষ্ট্ৰীয় ভাষা আৰু আন্তঃৰাষ্ট্ৰীয় ভাষা। এই তিনিওটা ভাষা কেইটা ক্ৰমান্বয়েহে শিকিব পাৰি। যদিহে মাতৃভাষাটোৱেই ভালকৈ শিকিব নোৱাৰো। যদি নিজৰ ভাষাই নথাকে, তেনহলে জাতিও নিশেষ হবলৈ বেছি পৰ নালাগিব। অসমীয়া জাতিৰ মৰণ ঘণ্টা বাজিছে। ভাষাত আক্ৰমণ মানে জাতিটোক আক্ৰমণ। ইংৰাজী ভাষাৰ বিৰোধী নহয়, কিন্তু মাধ্যম হিচাপেহে মোৰ বিৰোধ আছে বুলি কৈ সংস্কৃত পাঠ্যক্ৰম নোহোৱা কৰাতো আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক ড° নগেন শইকীয়াই। ইফালে প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াক সাক্ষাৎ কৰি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৱনী গগৈয়ে চৰকাৰে যেতিয়ালৈকে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে আছুৱে আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিয়ে।
প্ৰেৰক বিভাস দুৱৰা