নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ চুৰ ডকাইত নহয়, গৰু পৰিচৰ্যাত ব্যস্ত ৰাজ্যৰ এখন থানাৰ আৰক্ষী। আইন শৃংখলা ৰক্ষা কৰাৰ সলনি আৰক্ষী বিষয়াৰ পৰা কণিষ্ঠবল,গৃহৰক্ষী জোৱান সকলো ব্যস্ত হব’লগীয়া হৈছে গৰু প্ৰতিপালন কৰাত। ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ আৰক্ষীয়ে থানা চৌহদতে চোৱা চিতা কৰিব লগীয়া হৈছে এজাক গৰু।আৰক্ষী চকীৰ যি ফালে চোৱা যায় সেইফালেই কেৱল গৰু । আৰক্ষী চকী নহয় যেন এখন গোশালাহে।চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা গৰুক লৈ হাহাকাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ আৰক্ষী। চুৰ, ডকাইত তথা অপৰাধীৰ পিছত দৌৰাৰ সলনি খাকী পোছাকধাৰীৰ দৌৰাদৌৰি লাগিছে গৰুক দানা দিবলৈহে। কোনোৱে যদি কলপাত কাটিছে কোনোৱে আকৌ স্থানীয় লোকৰ ঘৰে ঘৰে গৈ খেৰ গুটাইছে। খাকী পোছাকতে দিনে-নিশাই গৰুক দানা-পানী দিয়াৰ পৰা এৰাল দিয়ালৈকে ১৭টা গৰুৰ পৰিচৰ্যাৰ দায়িত্ব বহন কৰিছে এতিয়া সোণাৰি চাপৰি আৰক্ষীয়ে। উল্লেখ্য যে যোৱা ২৬ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৩ বজাত সোণাৰি চাপৰি আৰক্ষীয়ে বালিদেউৰী গাওঁত অভিযান চলাই জব্দ কৰিছিল ১৭টাকৈ চোৰাং গৰু। গৰুসহ আৰক্ষীয়ে গেপ্তাৰ কৰিছিল মাধৱ দলে,মাজুলীৰ তৰুণ দলে,দেৱজিৎ দলে, লিলে দলে আৰু দেৰগাঁৱৰ আমৰুত আলি নামৰ ৫ চোৰাং সৰবৰাহকাৰীক।ইয়াৰ পিছতে জব্দ কৰা ১৭টা গৰুক লৈ সোণাৰি চাপৰি আৰক্ষীৰ বিলাই বিপত্তি।আইন শৃংখলা নিয়ন্ত্ৰণৰ সমান্তৰালকৈ দিনে-নিশাই ১৭টাকৈ পশু ধনৰ বাবে যোগান ধৰিব লগা হৈছে দানা-পানী। ইফালে গৰু পৰিচৰ্যাৰ সমান্তৰালকৈ জব্দ কৰা গৰুৰ নথি-পত্ৰ বিচাৰিও সোণাৰি চাপৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
প্ৰেৰক পুলকজ্যোতি বৰা