তেজপুৰৰ পৰা সমীৰ কৰৰ প্ৰতিবেদন, ২৯ মাৰ্চঃ শুভ্ৰ বৰফসনা শীতক এতিয়াও বিদায় দিয়া নাই ছেলাই৷ অৰুণাচল প্ৰদেশৰ ছেলাপাছক এতিয়াও বৰফে কৰি ৰাখিছে শীতল৷ পৰ্যটন ক্ষেত্ৰৰ লগতে দেশৰ সামৰিক দিশতো যথেষ্ট গুৰুত্ব আছে ছেলাৰ৷ এই ছেলাৰ পাহাৰ এতিয়াও ঢাকি ৰাখিছে শুকুলা বৰফে৷অহা মে’ মাহ পৰ্যন্ত এইদৰেই ছেলাক মেৰিয়াই ৰাখিব বৰফে৷ টাৱাং পৰ্যন্ত পাতলীয়া বৰফে এই বিশেষ পৰ্যটন কেন্দ্ৰক শীতল কৰি ৰাখিব বাবেই গ্ৰীস্মৰ সময়ত বহু সংখ্যক পৰ্যটকৰ আগমন ঘটে এই অপৰূপ সৌন্দৰ্যৰ স্হলীলৈ৷ ছেলাপাছৰ লগতে থকা ঐতিহাসিক যশৱন্তগড়ৰলৈ একাপ গৰম চাহ আৰু গৰম পানীৰে বাটৰুৱাক আদৰিছে দেশৰ সেনাই৷ এই যশৱন্ত গড়ে বহন কৰিছে দেশৰ সেনাৰ চৰম ত্যাগৰ ইতিহাস৷ইয়াৰ কাষতে শিলে শিলে ঠেকা খাই নামি অহা জলধাৰাই যেন পাইন গছৰে ভৰা বৰফাবৃত পাহাৰৰ ধ্যান ভংগ কৰাৰ চেষ্টাহে চলাইছে৷ছেলাপাছৰ পৰা টাৱাঙৰ দিশে আগবঢ়াৰ লগে লগে বৃদ্ধি পাই শীতৰ মাত্ৰা৷ কিন্তু বৰফ শীতল এই পৰিৱেশেই ইয়ালৈ হাতবাউলি দিয়ে অজস্ৰজনক৷