🎯জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ
🎯বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান টাটা নেতৃত্বৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ অসমত ছেমিকণ্ডাক্টৰ। মুখ্যতঃ ই এক গৌৰৱৰ বিষয়। সেই গৌৰৱৰ বতৰা লৈ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাত কৰে টাটা নেতৃত্বক। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি আজি মুম্বাইত ৰতন টাটা, এন চন্দ্ৰশেখৰনক সাক্ষাত কৰি অসমত ছেমিকণ্ডাক্টৰৰ সিদ্ধান্তৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি টাটা নেতৃত্বৰ সৈতে আলোচনাৰ সময়ত জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে। এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিকছৰ পাঠ্যক্ৰম আগবঢ়াই শক্তিশালী কৰিব আৰু তেওঁলোকক জাগীৰোড গোটত নিয়োগ সুৰক্ষিত কৰাত সহায় কৰিব। ইতিমধ্যে অসমৰ যুৱপ্ৰজন্মৰ ১৫০০ প্ৰতিনিধিত্বকাৰীয়ে মুখ্যতঃ মহিলাসকলে বেংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ২০২৫ চনত ছেমিকণ্ডাক্টৰ সুবিধা কাৰ্যকৰী হোৱাৰ পাছত ইয়ে তেওঁলোকক নেতৃত্বৰ স্থিতিত ৰাখিব। অসমত ঔদ্যোগীকৰণৰ দিশত এক ইতিহাস সৃষ্টি কৰা টাটা গ্ৰুপৰ দ্বাৰা ২৭০০০ কোটি টকাৰ বৃহৎ বিনিয়োগে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত অসমক এক সুকীয়া স্থান দিব আৰু উত্তৰ-পূব ভাৰতক অৰ্থনৈতিক দিশত বিশেষ মান্যতা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে। আজি মুম্বাইত ৰতন টাটা, এন চন্দ্ৰশেখৰনক জাগীৰোডৰ বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান দিয়াৰ বাবে সমগ্ৰ ৰাজ্যৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনাবলৈ পাই আনন্দিত হোৱা বুলি প্ৰকাশ কৰে।