নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনন্দৰাম বৰুৱা একাডেমীত “শ্বেইক্সপীয়েৰৰ সাৰ্বজনীনতা” বিষয়ক আলোচনা-চক্ৰ

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : “বিশ্ববিশ্ৰুত সাহিত্যিক শ্বেইক্সপীয়েৰৰ প্ৰাসংগিকতা বিশ্বৰ প্ৰতিটো কোণতে সদায়ে থাকিব৷ তেওঁ নাটকসমূহ এনেকুৱা বিষয়বস্তুক ভিত্তি কৰি ৰচনা কৰিছিল, যি বিষয়বস্তুই সকলোকে চুই গৈছিল বা আজিও চুই যায়”৷- এই মন্তব্য বজালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ ধীৰেন্দ্ৰ কুমাৰ মহন্তৰ৷ আজি পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমী ডিগ্ৰী কলেজৰ ইংৰাজী বিভাগৰ উদ্যোগত আজি ইংৰাজী সাহিত্যৰ প্ৰথিতযশা নাট্যকাৰ, কবি, গল্পকাৰ, অভিনেতা “শ্বেইক্সপীয়েৰৰ সাৰ্বজনীনতা” বিষয়ক এখন আলোচনা-চক্ৰ সম্পন্ন হয়৷ শিক্ষানুষ্ঠানখনৰ কনফাৰেন্স হলত অনুষ্ঠিত এই আলোচনা-চক্ৰখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক অমূল্য কলিতাই৷ ইংৰাজী বিভাগৰ বিভাগীয় প্ৰধান ড° নৱ খাটানিয়াৰে আদৰণী ভাষণ প্ৰদান কৰা আৰু অধ্যাপিকা মেঘালী শইকীয়াই আঁত ধৰা আলোচনা-চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বজালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ ধীৰেন্দ্ৰ কুমাৰ মহন্তই কয় যে অসমত ভ্ৰাম্যমাণ থিয়েটাৰসমূহত যেতিয়া তেওঁৰ নাট প্ৰদৰ্শন কৰা হৈছিল, তেতিয়া ঠাহ খাই থকা দৰ্শকে প্ৰমাণ কৰিছিল তেওঁৰ নাটকৰ সাৰ্বজনীনতা৷ শ্বেইক্সপীয়েৰৰ নাটসমূহৰ বিভিন্ন ব্যাখ্যা দাঙি ধৰি তেওঁ কয় যে মানুহৰ জীৱনটোৱেই হৈছে সুখ-দুখৰ সমাহাৰ, যাক শ্বেইক্সপীয়েৰে তেওঁৰ ট্ৰেজেডী আৰু কমেডীৰ নাটসমূহৰ মাজেৰে বৰ সুন্দৰকৈ উপস্থাপন কৰিছিল৷ আলোচনা-চক্ৰখনত আন এগৰাকী সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক কিশোৰ শৰ্মাই শ্বেইক্সপীয়েৰৰ সাহিত্যৰ ৰসাস্বাদন কৰি কয় যে আজিকালিৰ পাঠ্যক্ৰমত পূৰ্বৰ লেখীয়াকৈ শ্বেইক্সপীয়েৰৰ সাহিত্যৰ চৰ্চা কমকৈ হোৱাৰ বাবে বহু সময়ত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীত ৰসাস্বাদনৰ পৰা বঞ্চিত হৈছে আৰু সেয়েহে শ্ৰেণীত গুৰুত্ব পূৰ্বতকৈ কমা যেন অনুভৱ হয়৷ কিন্তু পূৰ্বে যেতিয়া তেওঁৰ নাটসমূহৰ বিষয়ে শ্ৰেণীত আলোচনা হৈছিল, তেতিয়া তেওঁৰ সাহিত্যৰ সাৰ্বজনীনতাৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বিষয়বস্তুত সোমাই পৰিছিল৷ আনন্দৰাম বৰুৱা একাডেমীৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত দুটাকৈ ছেছনত অনুষ্ঠিত আলোচনা-চক্ৰখনৰ প্ৰথমটো ছেছন সঞ্চালন কৰে ড৹ নৱ খাটনিয়াৰে৷ আনন্দৰাম বৰুৱা একাডেমীৰ পৰিচালন সঞ্চালক তথা ৰেক্টক ড৹ ৰণজিৎ ডেকাৰ লগতে আই কিউ এ চিৰ সমন্বয়ক হেমেন তালুকদাৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোৰ পিছতে অধ্যাপিকা ড৹ প্ৰাঞ্জলী শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত দ্বিতীয় ছেছনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক নৃপেন দাসে৷ বড়োলেণ্ড বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, আনন্দৰাম বৰুৱা একাডেমী, এছ ডি পি শিক্ষক শিক্ষণ মহাবিদ্যালয় আদিৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি বিষয়বস্তুৰ ওপৰত নিজ নিজ কাকত উপস্থাপন কৰা আলোচনা-চক্ৰখনৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপক যুগব্ৰত চৌধুৰীয়ে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like