👉বুকিং এছিছটেণ্টৰ পদত ধনৰ লেনদেন।
👉সঞ্চালক ৱাই এছ ৱেলিংটনৰ পৃষ্ঠপোষকতাত নিযুক্তি।
বিশেষ বার্তা, ২০ জুনঃ ব্যাপক অনিয়ম আৰু দুর্নীতিৰে অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ত চতুর্থবর্গৰ পদৰ নিযুক্তিত জড়িত থকাৰ অভিযোগত উচ্চবর্গৰ সহায়ক কোষেশ্বৰ বড়োক নিলম্বন কৰা হৈছে৷ চতুর্থবর্গৰ ১২টা পদত অনিয়মেৰে নিযুক্তিৰ বাতৰি ‘নিয়মীয়া বার্তা’ত প্রকাশ পোৱাৰ পাছতে কঠোৰ ব্যৱস্থা গ্রহণ কৰি অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ৰ সঞ্চালক ৱাই এছ ৱেলিংটনে এই অনিয়মত জড়িত থকাৰ অভিযোগত কোষেশ্বৰ বড়োক নিলম্বন কৰে৷ উচ্চবর্গৰ সহায়ক কোষেশ্বৰ বড়োৱে সঞ্চালক ৱাই এছ ৱেলিংটন আৰু নিযুক্তি ব’ডৰ একাংশ বিষয়াৰে ধনৰ লেনদেন কৰি চতুর্থবর্গৰ পদত খুলশালী আৰু আত্মীয়ৰ লগতে অনুত্তীর্ণ প্রার্থীকো নিযুক্তি দিছিল৷ ‘নিয়মীয়া বার্তা’ত তথ্যসহকাৰে এই বাতৰি প্রকাশ হোৱাৰ পাছতে উচ্চবর্গৰ সহায়ক কোষেশ্বৰ বড়োক নিলম্বন কৰি নিজকে ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে সঞ্চালক ৱাই এছ ৱেলিংটনে৷ চতুর্থবর্গৰ পদত মোটা অংকৰ ধন লৈ অনুত্তীর্ণ প্রার্থী অসীমানন্দ ভূঞাক নিযুক্তি দিয়াৰ দৰে তৃতীয়বর্গৰ বুকিং এছিছটেণ্ট পদতো বিশ্বজিৎ বড়ো নামৰ প্রার্থীগৰাকীক নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি নিলম্বিত উচ্চবর্গৰ সহায়ক কোষেশ্বৰ বড়োৱে সম্পর্কীয় ভাতৃ বিশ্বজিৎ বড়োক বুকিং এছিছটেণ্ট পদত মোটা অংকৰ ধনৰ বিনিময়ত নিযুক্তি দিছিল৷ সঞ্চালক ৱাই এছ ৱেলিংটনৰ জ্ঞাতসাৰে চতুর্থ আৰু তৃতীয়বর্গৰ পদত নিযুক্তি প্রক্রিয়া সম্পূর্ণ হৈছিল৷ প্রাপ্ত তথ্য অনুসৰি, ২০১৯ চনৰ ৫ জুনত অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ে জুনিয়ৰ এছিছটেণ্টৰ দুটা পদ আৰু বুকিং এছিছটেণ্টৰ এটা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ উক্ত বিজ্ঞাপন প্রকাশ পোৱাৰ পাছত বুকিং এছিছটেণ্ট পদৰ বাবে ৮৮৩গৰাকী প্রার্থীয়ে আবেদন কৰিছিল৷ ২০২১ চনৰ ১০ জানুৱাৰীত বুকিং এছিছটেণ্ট পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল৷ ২০২১ বর্ষৰ ৩০ জানুৱাৰীত সঞ্চালক ৱাই এছ ৱেলিংটন স্বাক্ষৰিত এক নির্দেশনাযোগে যোগ্যতাৰ ভিত্তিত ৭৯১ ৰোল নম্বৰৰ প্রার্থী বিশ্বজিৎ বড়োক বুকিং এছিছটেণ্ট পদত নিযুক্তি দিছিল৷ যোগ্যতাৰ ভিত্তিত বুকিং এছিছটেণ্ট পদত নিযুক্তি লাভ কৰা বিশ্বজিৎ বড়ো হ’ল নিলম্বিত উচ্চবর্গৰ সহায়ক কোষেশ্বৰ বড়োৰ সম্পর্কীয় ভাতৃ৷ সঞ্চালক ৱাই এছ ৱেলিংটনৰ জ্ঞাতসাৰে দুর্নীতি আৰু অনিয়মেৰে অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ত সম্পূর্ণ হোৱা নিযুক্তি প্রক্রিয়া তদন্ত কৰিলেই সকলো তথ্য পোহৰলৈ আহিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰ আৰু বিভাগীয় কর্তৃপক্ষই কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷