নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ডিড ৰাইটাৰৰ সন্ত্ৰাস

🔹 মহিলা-অধিবক্তা ভাতৃক মাৰপিটৰ অভিযোগ

🔹 ধুবুৰী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : কি চলিছে ধুবুৰীত! দৰাচলতে কালি বিয়লি ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত এগৰাকী মহিলাকে ধৰি তেওঁৰ অধিবক্তা ভাতৃক মাৰপিট কৰাৰ এক চাঞ্চল্যকৰ অভিযোগৰ বাবে এই প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ অনুসৰি, কাৰ্যালয়টোলৈ বিয়াৰ পঞ্জীয়নৰ কাম কৰিবলৈ অহা বাসৱদত্তা চক্ৰৱৰ্তী নামৰ মহিলা এগৰাকীসহ ধৰি তেওঁৰ ভাতৃ তথা অধিবক্তা স্বাগত চক্ৰৱৰ্তীক মাৰপিট কৰে কাৰ্যালয়টোৰ বাহিৰত বহা একাংশ ডিড ৰাইটাৰে। এগৰাকী মহৰি তথা ডিড ৰাইটাৰ ৰমজান আলীৰ খেয়ালখুচি মতে কাম কৰিবলৈ অমান্তি হোৱাক কেন্দ্ৰ কৰি প্ৰথমে কাজিয়া আৰু পিছলৈ গৈ ৰমজান আলীৰ পুত্ৰৰ নেতৃত্বত মাৰপিট কৰাৰ অভিযোগ ভুক্তভোগী বায়েক-ভায়েকৰ। তেওঁক মাৰপিট কৰাৰ সময়ত বাধা দিয়া বাবে অবাইচ গালি-গালাজ পৰাৰ উপৰি বায়েকৰ গাত হাত দিয়াৰো অভিযোগ কৰিছে ভাতৃ স্বাগত চক্ৰৱৰ্তীয়ে। আনকি উদণ্ড সেই দলটোৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰ্যালয়টোৰ এটা কোঠালিৰ ভিতৰত প্ৰৱেশ কৰি দুৱাৰ বন্ধ কৰি কথমপি প্ৰাণৰক্ষা কৰাৰ পিছত মোবাইলেৰে অৱগত আৰক্ষীৰ এটা দল উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰি ধুবুৰী সদৰ থানালৈ নিয়ে বুলি জনাইছে ভুক্তভোগী অধিবক্তাগৰাকীয়ে। ইতিমধ্যে কালি সন্ধিয়াই ধুবুৰী সদৰ থানাত ৰমজান আলী, জনৈক মনুকে ধৰি অচিনাকি আন ৫জন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী অধিবক্তাগৰাকীয়ে। কালিৰ এই ঘটনাৰ পিছত দালাল নধৰিলে কাম নোহোৱা বুলি অভিযোগ থকা ধুবুৰীৰ কেইটামান চৰকাৰী কাৰ্যালয়ত সাধাৰণ ৰাইজ কিমান সুৰক্ষিত, সেই প্ৰশ্নও কিন্তু উচ্চাৰিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like