নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ জ্যেষ্ঠ সাংবাদিক গিয়াছউদ্দিন আহমেদৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১২ জুন : নগৰবেৰা মিলননগৰৰ বাসিন্দা তথা জ্যেষ্ঠ সাংবাদিক গিয়াছউদ্দিন আহমেদৰ (৫৩) মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোক বিয়পাইছে। আজি পুৱা প্ৰায় ৮.১৫ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে সাংবাদিকজনৰ। অতিকে অমায়িক আৰু মিষ্টভাষী স্বভাৱৰ যুৱ সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰেই আত্মীয়-স্বজনৰ উপৰি অঞ্চলটোৰ অসংখ্য গুণমুগ্ধই পৰিয়ালটোত ভিৰ কৰে। নিষ্ঠা আৰু দায়বদ্ধতাৰে সংবাদসেৱা কৰি সকলোৰে প্ৰিয়ভাজন হ’বলৈ সক্ষম হোৱা গিযাছ উদ্দিন আহমেদৰ মৃত্যুৰ পৰত নগৰবেৰা সাংবাদিক সন্থা, নগৰবেৰা প্ৰেছ ক্লাৱ আদিৰ লগতে বহু দল-সংগঠনৰ ফালৰ বহু প্ৰতিনিধি পৰিয়ালটোলৈ গৈ বিদেহ আত্মাৰ সদ্গতি কামনা -শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা যাচে। স্মৰ্ত্তব্য যে পত্নীৰো কেইমাহমানৰ পূৰ্বে বিয়োগ ঘটাত আঠ বছৰীয়া শিশু পুত্ৰক লালন-পালনৰ বাবে দ্বিতীয় সংসাৰ পাতি সকলোকে কন্দুৱাই অকালতে গুচি গ’ল তেওঁ। স্থানীয় কৱৰস্থানত তেওঁৰ জানাজা পৰ্ব সম্পন্ন কৰা হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like