পাঠশালাত অসম বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠা দিৱসত জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ অসমৰ সংবাদকৰ্মীসকলৰ অন্যতম উমৈহতীয়া অনুষ্ঠান অসম বাৰ্তাজীৱী সংঘৰ ৫১সংখ্যক প্ৰতিষ্ঠা দিৱস আজি সংঘৰ বজালী জিলা সমিতিৰ উদ্যোগত বিভিন্ন কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়৷ বজালী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত পাঠশালা হৰিমন্দিৰ প্ৰাংগণত পতাকা উত্তোলন কৰে সভাপতি কৈলাশ চৌধুৰীয়ে৷ ইয়াৰ পিছতে পাঠশালা বজাৰ কমিটিৰ সভাপতি তথা বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি কয় যে সাংবাদিকসকলে আনৰ বাবে কৰি আহে যদিও বহু সময়ত নিজে প্ৰাপ্যৰ পৰা বঞ্চিত হয়৷ সমাজত কোনোবা প্ৰাপ্যৰ পৰা বঞ্চিত হ’লে তাক লৈ সাংবাদিকসকল সৰব হৈ পৰাৰ ফলতে বঞ্চিতজন লোক চক্ষুলৈ আহে আৰু পাবলগীয়াখিনি পোৱাত সহায় হয়৷ কিন্তু বহু সময়ত সাংবাদিকসকলে নিজে প্ৰাপ্যৰ পৰা বঞ্চিত হয়৷ আৰু এনেকুৱা সময়ত বাৰ্তাজীৱী সংঘৰ দৰে সংস্থাসমূহৰ প্ৰয়েজনীয়তা আহি পৰে৷ সাংবাদিকৰ ন্যায্য প্ৰাপ্তিৰ হ’কে বিভিন্ন মন্তব্য আগবঢ়াই চৌধুৰীয়ে আজিৰ এই শুভদিনটোত সাংবাদিকসকলেও প্ৰাপ্য পাওক বুলি আশা কৰি সাংবাদিকৰ প্ৰতি কৰণীয়া খিনি হওঁক বুলি মন্তব্য কৰে৷ অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমন্বয়ক ধীৰাজ শৰ্মাই৷ বজালী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক কল্যাণ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু সভাপতি কৈলাস চৌধুৰীৰ সভাপতিত্বত সাংবাদিক অখিল কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত লোকগীত পৰিৱেশন কৰে লোকগীতৰ বিশিষ্ট শিল্পী মুকুট কলিতাই৷ গছপুলি ৰোপন কৰে গ্ৰীণ মিছন বজালীৰ সঞ্চালক তথা বিশিষ্ট পৰিবেশ কৰ্মী আনন্দ খাটনিয়াৰ আৰু জ্যেষ্ঠ সাংবাদিক ক্ৰমে হীৰেণ কলিতা, কল্যাণ কলিতা, ৰঞ্জিত দাস আৰু অখিল কাকতিয়ে৷ ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত বজালীৰ এগৰাকী বিশিষ্ট লেখক তথা অৱসৰী অভিযন্তা ৰত্নেশ্বৰ তালুকদাৰৰ নৱতম গ্ৰন্থ “স্মৃতিৰ দাপোণ” উন্মোচন কৰি ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষক তথা পাঠশালা তপোবনৰ সঞ্চালক কুমুদ কলিতাই কয় যে গ্ৰন্থ হৈছে এটা জাতিৰ হৃদয়ৰ স্পন্দন, সভ্যতাৰ মাপকাঠি৷ যি জাতি গ্ৰন্থৰ ক্ষেত্ৰত আগবঢ়া, তেওঁলোক জ্ঞান, সভ্যতা, সংস্কৃতিত আগবঢ়া বুলি মন্তব্য কৰে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ১৯৮৯ চনৰ পৰা ২০০৪ চনলৈ প্ৰত্যক্ষ সাংবাদিকতাৰ সতে জড়িত হোৱা সময়ৰ কথা স্মৰণ কৰি সাংবাদিকতাৰ তিতা মিঠা অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে বজালী জিলা বাৰ্তাজীৱী সংঘৰ জৰিয়তে আজি বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠা দিনটোত সমূহ সংবাদকৰ্মীলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ অসম সৌৰভ কৃষ্ণ ৰয়কে আদিকৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা অনুষ্ঠানত বজালীত সাংবাদিকতাক অন্যতম মাত্ৰা প্ৰদান কৰা জ্যেষ্ঠ সাংবাদিক আৰু সাহিত্যসেৱী ক্ৰমে ড৹ কৰুণামোহন শৰ্মা, হেমচন্দ্ৰ হালৈ, কিৰণ চৌধুৰী, প্ৰবোধ শৰ্মা, নাগেশ্বৰ দাস, পুলু কুমাৰ শৰ্মা, বসন্ত কুমাৰ শৰ্মা আৰু প্ৰমোদ শৰ্মাক ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ, কলম, গছপুলি, গ্ৰন্থৰ টোপোলা আদিৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷
প্ৰেৰক কল্যাণ কলিতা